30 C
Guwahati
Wednesday, October 27, 2021
More

    শ্বেয়াৰ বজাৰত হাহাকাৰ; ছেনছেক্সত বৃহৎ নিম্নগামী, এক মিনিটত কোটি কোটি টকাৰ লোকচান

    কৰ'ণা ভাইৰাছৰ বাবে নেতিবাচক প্ৰভাৱ পৰিছে বিশ্বজুৰি অৰ্থব্যৱস্থাত আৰু য়েছ বেংকৰ ঘটনাৰ বাবে শ্বেয়াৰ বজাৰত বৃহৎ নিম্নগামী হয়

    শুকুৰবাৰে শ্বেয়াৰ বজাৰত প্ৰভাৱ দেখিবলৈ পোৱা যায় কৰ’ণা ভাইৰাছৰ। আজি ছেনছেক্সত বৃহৎ নিম্নগামী হয়। পুৱা ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে ১২০০ পণ্টতকৈ অধিক নিম্নগামী হয় ছেনছেক্স। ইফালে নিফটীটো ৩৫০ পইণ্টতকৈ অধিক পইণ্ট অৱনমিত হয়।

    শ্বেয়াৰ বজাৰত আন এটা ব্লেক ফ্ৰাইডে’ৰ সংকেত দেখিবলৈ পোৱা যায়। ছেনছেক্স ৮৫৬.৬৫ পইণ্ট নিম্নগামী হৈ ৩৭,৬১৩, ৯৬ অংকৰ স্তৰত খুলে আৰু খুলাৰ লগে লগে ১২০০তকৈ অধিক নিম্নগামী হয়। আজি নিফটী প্ৰায় ৩ শতাংশ নিম্নগামী হৈ ১০৯৪২.৭৫ স্তৰত খুলে। আনহাতে য়েছ বেংকৰ শ্বেয়াৰ ১৫ শতাংশলৈ নিম্নগামী হয়।

    RBI-এ ঋণ পৰিশোধৰ সীমা ৫০,০০০ টকা ধাৰ্য কৰা বাবে য়েছ বেংকৰ শ্বেয়াৰ ২৫ শতাংশলৈ হ্ৰাস পায়।

    কৰ’ণা ভাইৰাছৰ বাবে নেতিবাচক প্ৰভাৱ পৰিছে বিশ্বজুৰি অৰ্থব্যৱস্থাত আৰু য়েছ বেংকৰ ঘটনাৰ বাবে শ্বেয়াৰ বজাৰত বৃহৎ নিম্নগামী হয়।

    Photo credit: business-standard.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং