৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ সকলো লাইট বন্ধ কৰি চাকি-মম জ্বলাই কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দেশবাসীক আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই আহ্বান সমগ্ৰ দেশবাসীয়ে পূৰণো কৰিছিল। কিন্তু এই আহ্বানক সঁহাৰি দিয়াৰ বাবেই এগৰাকী ৪০ বছৰীয়া অভিযন্তাক নৃশংসভাৱে প্ৰহাৰ কৰিছিল।
অনন্ত কাৰমুছে নামৰ অভিযন্তাৰ অভিযোগ যে তেওঁক NCPৰ নেতা-মন্ত্ৰীৰ গুণ্ডাবাহিনীয়ে প্ৰহাৰ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানক সঁহাৰি জনাই ছচিয়েল মিডিয়াত ফটোসহ বন্তি জ্বলোৱাৰ পোষ্ট দিয়াৰ পিছতেই লোকজনৰ ঘৰত উপস্থিত হৈছিল আৰক্ষী। লোকজনৰ বিৰুদ্ধে গোচৰ থকা বুলি অনন্তক লৈ গৈছিল থানালৈ। এখন স্কৰপিঅ বাহনেৰে লোকজনক জোৰজুলুমকৈ মহাৰাষ্ট্ৰ কেবিনেট মন্ত্ৰী জিতেন্দ্ৰ আৱাদছৰ ঘৰলৈ লৈ গৈছিল। আৰক্ষী থানালৈ লৈ যোৱাৰ বিপৰীতে কেবিনেট মন্ত্ৰীগৰাকীৰ ঘৰলৈ লৈ যোৱাৰ অভিযোগ অনন্ত কাৰমুছেৰ।
ভুক্তভোগী লোকজনে থানাত এই অভিযোগ উত্থাপন কৰে যে কেবিনেট মন্ত্ৰীজনৰ ঘৰত পূৰ্বতেই উপস্থিত আছিল জনীয়া দলৰ গুণ্ডাবাহিনী। মন্ত্ৰীগৰাকীৰ সন্মুখতেই লাঠী, বেল্ট আৰু বাঁহেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে। কেবিনেট মন্ত্ৰীজনে অভিযন্তাগৰাকীয়ে দিয়া পোষ্টটো ডিলিট কৰি দিবলৈ ভাবুকিও প্ৰদান কৰে।
Photo credit: newindianexpress.com