12.5 C
Guwahati
Saturday, January 29, 2022
More

    INX মিডিয়া কেলেংকাৰীঃ সোধা–পোছাৰ অন্তত ED–এ গ্ৰেপ্তাৰ কৰে পি চিদাম্বৰমক

    বিশেষ আদালতৰ অনুমতিত পুৱা EDৰ দল উপস্থিত হৈছিল তিহাৰ জে’লত

    INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰে ED–এ। দুঘণ্টা ধৰি সোধা–পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে চিদাম্বৰমক। বিশেষ আদালতৰ অনুমতিত পুৱা EDৰ দল উপস্থিত হৈছিল তিহাৰ জে’লত। চিদাম্বৰমৰ পত্নী নলিনী আৰু পুত্ৰ কাৰ্তিও জে’লত উপস্থিত হৈছিল চিদাম্বৰমক সাক্ষাত কৰিছিল। ইফালে, CBI-এ দুৰ্নীতিৰ গোচৰত চিদাম্বৰম আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাৰ প্ৰস্তুতি চলাই আছে।

    বিত্ত মন্ত্ৰী হৈ থকাৰ সময়ত পি চিদাম্বৰমে ঘোচ লৈ INX মিডিয়াক ২০০৭ত ৩০৫ কোটি টকা লোৱাৰ অনুমতি প্ৰদান কৰোৱাইছিল Foreign Investment Promotion Boardৰ পৰা। CBIৰ চাৰ্জশ্বীটত এই অভিযোগ আছিল।

    মঙলবাৰে ই ডিক প্ৰয়োজনত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰাৰো অনুমতি প্ৰদান কৰিছিল আদালতে। ইতিমধ্যে CBI আৰু ন্যায়িক জিম্মাত ৫৫ দিন অতিবাহিত কৰিলে চিদাম্বৰমে। ২১ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল চিদম্বৰমক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং