16 C
Guwahati
Wednesday, January 26, 2022
More

    অন্ত পৰিল শিৱসাগৰ আৰক্ষীৰ অখিল গগৈৰ ওপৰত থকা ৪ দিনীয়া জিম্মাৰ, আজি আদালতত শুনানি

    গোচৰ সন্দৰ্ভত আজি শিৱসাগৰ আদালতে আদেশ জাৰি কৰিব

    আজি অখিল গগৈক হাজিৰ কৰোৱা হয় আদালতত। শিৱসাগৰ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ’য় কৃষক নেতাজনক। ১৩৪৪/১৯ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি চাৰি দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। আজি শিৱসাগৰ আৰক্ষীৰ চাৰি দিনৰ জিম্মাৰ অন্ত পৰে। অখিলক হাজিৰ কৰাৰ ক্ষেত্ৰত যুদ্ধ সদৃশ পৰিৱেশ ৰচনা শিৱসাগৰ আৰক্ষীৰ। আৰক্ষী- চিআৰপিএফৰ নিৰাপত্তা বেষ্টনী আদালতৰ সন্মুখত।

    ১৯ মাৰ্চ ২০২০ তাৰিখৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছিল নেতাগৰাকী। যোৱা বছৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এক গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। ১১ ডিচেম্বৰ তাৰিখে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল।

    সেই গোচৰৰ ভিত্তিতেই যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক। লগতে শিৱসাগৰ আৰক্ষীৰ ৪ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল। কালি চাৰি দিন উকলি যোৱাৰ পাছত আজি হাজিৰ কৰা হয় নেতা গৰাকীক। গোচৰ সন্দৰ্ভত ন্যায়ালয়ে আদেশ জাৰি কৰিব।

    উল্লেখযোগ্য যে অনুৰূপ এক গোচৰ ৰুজু কৰা হৈছিল গৌৰিসাগৰ থানাত। ১৫৪/১৯ নং গোচৰত গৌৰিসাগৰ থানাই অখিলক গগৈক গ্ৰেপ্তাৰ কৰাৰ আৱেদন দিয়াৰ লগতে জেৰাৰ বাবে জিম্মাত বিচাৰিছিল। আজি উক্ত গোচৰৰো শুনানী আৰু আদেশ দিয়াৰ সম্ভাৱনা আছে।

    Photo credit: @sanjaypareek

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং