19 C
Guwahati
Tuesday, December 7, 2021
More

    কাশ্মীৰত সেনাৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ, ২ যুৱকৰ গ্ৰেণেডেৰে আক্ৰমণ সেনাক

    কাশ্মীৰত ৰামবান জিলাৰ বাটতেত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ

    কাশ্মীৰত ৰামবান জিলাৰ বাটতেত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ। শনিবাৰে পুৱা সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ২ সন্দেহজনক যুৱকে সেনাৰ বাহন ৰখাবলৈ চেষ্টা কৰিছিল যদিও সেনাৰ বাহনৰ চালকে সাহসিকতাৰে নিকটৱৰ্তী সেনাক অৱগত কৰে।

    সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰিছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত ইমৰাণ খানৰ ভাবুকিৰ পিছতে এই আক্ৰমণৰ ঘটনা সংঘটিত। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে প্ৰত্যুত্তৰত সেনাৰো গুলীচালনা।

    ঘটনাৰ পিছতে এটা ঘৰত প্ৰৱেশ কৰে সন্ত্ৰাসবাদীকেইটাই। ঘৰটোৰ পৰিয়ালৰ সদস্যসকলক পণবন্দী কৰে সন্ত্ৰাসবাদীকেইটাই। তথ্য অনুসৰি ৩টা সন্ত্ৰাসবাদী থকাৰ সন্দেহ। অঞ্চলটোত সুৰক্ষা কৰ্মীৰ অভিযান অব্যাহত।

    গোপন সূত্ৰ অনুসৰি ৰামবান জিলাৰ বাটতেত প্ৰায় ২০টা সন্ত্ৰাসবাদী প্ৰৱেশ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং