দেশত কৰ’ণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। কৰ’ণাক ৰোধ কৰিবলৈ বৰ্তমানেও অব্যাহত আছে লকডাউন। এই পঞ্চম পৰ্যায়ৰ লকডাউনত চৰকাৰ তথা প্ৰশাসনে বহুখিনি নীতি-নিৰ্দেশনা শিথিল কৰাৰ লগতে পূৰ্ণৰূপত আৰম্ভ হৈছে চৰকাৰী কাৰ্যালয়সমূহৰ কাম-কাজ।

কিন্তু তিনিচুকীয়াৰ এটা চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীয়ে কাম কৰাৰ পৰিৱৰ্তে ব্যস্ত হৈ পৰিছে সুৰা সেৱনত। তিনিচুকীয়াৰ বৰগুৰিস্থিত মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ত দিনদুপৰতে চলিছে সুৰাৰ আড্ডা। এজন কৰ্মচাৰীৰ অৱসৰ হোৱাৰ আলম লৈ কাৰ্যালয়ৰ কৰ্তব্যৰত সময়তে বহিল সুৰা-ভাতৰ আড্ডাত।

এনেদৰে কাৰ্যালয়ৰ ভিতৰতে সুৰা সেৱন কৰাৰ সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত। ইফালে এই ঘটনাৰ খবৰ পোৱা মাত্ৰকেই কাৰ্যালয়টোত উপস্থিত হয় তিনিচুকীয়াৰ কাৰ্যবাহী দণ্ডাধীশ তথা মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া নীলুৰাম শৰ্মা ৷ ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
Photo cresit: Time8