27 C
Guwahati
Wednesday, December 1, 2021
More

    তিনিচুকীয়াৰ ডিক্ৰং গাঁৱত বিজুলী সংযোগৰ অবিহনেই মাচুল কৰ্তন গাঁওবাসীৰ

    বিদ্যুৎ সংযোগৰ নামত খুঁটা বা তাঁৰ এডালো যোগান নধৰাকে বিভাগটোৱে চলাই অহা অকৰ্মণ্য কাৰ্যক লৈ ক্ষোভিত জনসাধাৰণ

    দেশ স্বাধীনতাৰ কালৰে পৰা বিজুলী চাকিৰ পোহৰ নেদেখা গাঁও হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অতি পুৰণি ডিক্ৰং গাঁও। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দীনদয়াল বিদ্যুৎ যোগানৰ কোটি-কোটি টকাৰ অভিলাষী আঁচনিৰ বিজ্ঞাপনৰ নামত ঢাক ঢোল বজাই থকাৰ আচল ছবি প্ৰতিফলিত হৈছে শদিয়া সমষ্টিত।

    শদিয়াৰ উজনি ডিক্ৰং গাঁৱত বিদ্যুৎ যোগানৰ নামত বিগত ৯/১০ মাহ পূৰ্বে শদিয়াৰ চপাখোৱা বিদ্যুৎ বিভাগৰ দ্বাৰা কেৱলমাত্ৰ মিটাৰ বক্স ঘৰে ঘৰে সংযোগ কৰি বিজুলী পোহৰৰ অবিহনে প্ৰতি মাহে মাচুল কৰ্তন কৰি অহা কাৰ্যক লৈ গাঁওবাসী ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।

    বিদ্যুৎ সংযোগৰ নামত খুঁটা বা তাঁৰ এডালো যোগান নধৰাকে বিভাগটোৱে চলাই অহা অকৰ্মণ্য কাৰ্যক লৈ গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাই আহিছে যদিও উক্ত সমস্যাৰ সমাধান কৰ্তৃপক্ষই দিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগতো কেৰাচিনৰ চাকিৰে আজিও দিন ৰাতি অতিবাহিত কৰিবলগীয়া এই কথা ৰজাঘৰীয়াৰ চকুত পৰিবনে সেয়াই গাঁওবাসীৰ প্ৰশ্ন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং