25 C
Guwahati
Thursday, October 6, 2022
More

    ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা; ২৬ মাৰ্চত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন

    ৬ মাৰ্চত জাৰি কৰিব অধিসূচনা আৰু ১৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন

    ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ২৬ মাৰ্চত ১৭খন ৰাজ্যৰ ৫৫খন ৰাজ্যসভা আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। আজি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই একে দিনতে ভোটগণনাও কৰা হ’ব।

    অসমৰ ৩ ৰাজ্যসভাৰ সাংসদ ক্ৰমে ভূৱনেশ্বৰ কলিতা, সঞ্জয় সিং আৰু বিশ্বজিত দৈমাৰীৰ কাৰ্যকাল অন্ত পৰিব ৯ এপ্ৰিলত।

    ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, অসম, বিহাৰ, ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মণিপুৰ, ৰাজস্থান আৰু মেঘালয়। অসমৰ ৩খন আসনৰ বােব হ’ব নিৰ্বাচন।

    ৬ মাৰ্চত জাৰি কৰিব অধিসূচনা আৰু ১৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ২৬ মাৰ্চত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

    সৱিশেষ তলত দিয়া হৈছেঃ

    Photo: Time8, prameyanews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং