28 C
Guwahati
Thursday, October 28, 2021
More

    দিল্লী-NCRসহ দেশৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি

    ভূমিকম্পৰ উৎপত্তি স্থল আছিল আফগানিস্তানৰ হিন্দুকুশ

    শুকুৰবাৰে সন্ধিয়া দিল্লীসহ ভাৰতৰ কেইবাটাও স্থানত ভূমিকম্পৰ জোকাৰণি অনুভূত। প্ৰাথমিক তথ্য অনুসৰি কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই। US Seismological Centerৰ অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪।

    ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাবুলৰ পৰা ২৪৫ কিলোমিটাৰ নিলগত। ভাৰতীয় সময় অনুসৰি ৫.১২ বজাত জোকাৰণি অনুভূত। ভূমিকম্পৰ উৎপত্তি স্থল আছিল আফগানিস্তানৰ হিন্দুকুশ। ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পঞ্জাৱ, হাৰিয়ানা আৰু কাশ্মীৰত। ইফালে পাকিস্তানৰ ইছলামাবাদৰ লগতে অন্য স্থানতো জোকাৰণি অনুভূত। প্ৰায় ১০ ছেকেণ্ড ধৰি জোকাৰণি অনুভূত হৈছিল।

    Photo Credit: livemint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং