15 C
Guwahati
Friday, January 28, 2022
More

    ৩ ঘণ্টাত ৩খন ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত, ৰিখটাৰ স্কেলত তীব্ৰতা কিমান?

    বৃহস্পতিবাৰে পুৱা দেশৰ ৩খন ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

    National Center for Seismologyৰ অনুসৰি সৰ্বপ্ৰথমে হিমাচল প্ৰদেশৰ উনাত প্ৰায় ৪.৪৭ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

    ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ২.৩।

    ইয়াৰ পিছত গুজৰাটৰ ৰাজকোটত পুৱা ৭.৪০ বজাত ৰিখটাৰ স্কেল ৪.৫ তীব্ৰতাত ভূমিকম্প আহে।

    ইয়াৰ লগতে পুৱা ৭.৫৭ বজাত ভূমিকম্পই জোকাৰি গ’ল অসমৰ কৰিমগঞ্জ। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৪.১।

    বৰ্তমানলৈ হতাহতৰ খবৰ পোৱা হোৱা নাই।

    ভূমিকম্প কেনেদৰে হয়?

    পৃথিৱীৰ বাহ্যিক পৃষ্ঠ ৭ প্ৰধান আৰু কেইবাটাও সৰু ফিটাৰে ভাগ হৈ থাকে।

    ৫০ৰ পৰা ১০০ কিলোমিটাৰৰ মোটা এই স্তৰ ধাৰাবাহিকভাৱে ঘূৰি থাকে।

    ইয়াৰ তলত তৰল পদাৰ্থৰ লাভা থাকে আৰু এই স্তৰ এই লাভাতে ভাহি থাকে আৰু খুন্দা খালে শক্তি ওলাই, ইয়াকে ভূমিকম্প বুলি কয়।

    PHoto Credit: ratopati.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং