27 C
Guwahati
Wednesday, June 29, 2022
More

    নিষিদ্ধ ই-চিগাৰেট, স্বাস্থ্যৰ বাবে কিমান হানিকাৰক?

    কেৱল ভাৰতে প্ৰথমখন দেশ নহয় য'ত ই-চিগাৰেট নিষিদ্ধ কৰা হৈছে। আমেৰিকাৰ ছেন ফ্ৰাঞ্চিস্ক'টো নিষিদ্ধ কৰা হৈছিল ই-চিগাৰেট

    ভাৰত চৰকাৰে ই-চিগাৰেট নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এখন সংবাদমেলযোগে ই-চিগাৰেট(ইলেকট্ৰনিক চিগাৰেট) প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কেৱল ভাৰতে প্ৰথমখন দেশ নহয় য’ত ই-চিগাৰেট নিষিদ্ধ কৰা হৈছে। আমেৰিকাৰ ছেন ফ্ৰাঞ্চিস্ক’টো নিষিদ্ধ কৰা হৈছিল ই-চিগাৰেট।

    ই-চিগাৰেটৰে সম্বন্ধিত উত্পাদন, নিৰ্মাণ, আমদানি বা ৰপ্তানি, পৰিবহন, বিক্ৰী, বিতৰণ, ভাণ্ডাৰ আৰু বিজ্ঞাপন সন্দৰ্ভত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে বুলি ক’লে বিত্ত মন্ত্ৰীগৰাকীয়ে। লগতে ক’লে যে ই-চিগাৰেটৰ ব্যৱহাৰ “style statement” ৰূপত কৰা হৈছে। নিক’টিন ব্যৱহাৰকাৰী নতুন প্ৰজন্মক আকৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে কেইবাটাও ই-চিগাৰেট কোম্পানীৰ বিৰুদ্ধে।

    বিগত বহু সময় ধৰি বিবাদ অব্যাহত ই-চিগাৰেট সন্দৰ্ভত। যিসকলে ই-চিগাৰেট সেৱন কৰে সেইসকল লোকে ইয়াক সুৰক্ষিত কৰাৰ বিপৰীতে চিকিত্সকৰ মতামত অনুসৰি ই-চিগাৰেট স্বাস্থ্যৰ বাবে হানিকাৰক। ই-চিগাৰেটৰ কু-প্ৰভাৱৰ বাবে পূৰ্বে কেইবাখনো দেশত ইয়াক নিষিদ্ধ কৰা হৈছে।

    দ্ৰতগতিত বৃদ্ধি পাইছে ই-চিগাৰেটৰ প্ৰচলন। ই-চিগাৰেট সেৱন কৰিলে কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে বুলিও বিভিন্নজনৰ ধাৰণা। যাৰ বাবে বৃদ্ধি হৈ গৈ আছে ই-চিগাৰেটৰ সেৱনকাৰী। তত্য অনুসৰি ই-চিগাৰেট সেৱন কৰিলে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৫৬ শতাংশলৈ বৃদ্ধি হয়।

    photo credit: theprint.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং