লকডাউনৰ মাজতে যোৰহাটত তীব্র প্ৰতিবাদ আধাৰ কাৰ্ড ছুপাৰভাইজাৰসকলৰ। ১৫ মাহৰ বকেয়া দৰমহা আদায় দিয়াৰ দাবীত আধাৰ কাৰ্ড চুপাৰভাইজাৰসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ। যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ছুপাৰভাইজাৰসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

জিলাখনৰ ৪৫ জন ছুপাৰভাইজাৰ ২০১৮ চনৰ নৱেম্বৰ মাহৰ পৰাই বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাৰ পৰা।

গেলাক্সি স্কেল এণ্ড প্ৰাইভেট লিমিটেড আৰু জিলা উপায়ুক্তৰ তত্বাৱধানত কৰ্মৰত আছিল এই আধাৰ কাৰ্ড ছুপাৰভাইজাৰসকল। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ প্ৰাপ্য দৰমহাৰ দাবীত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে সম্পূৰ্ণ ৰূপে লকডাউনৰ নিয়মানুসৰি সামাজিক দূৰত্বৰ ব্যৱধান মানি চলাৰ লগতে মুখত মাস্ক পৰিধান কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।
Input & Photo: Rituraj Phukan