26 C
Guwahati
Friday, March 24, 2023
More

    মাছৰ বজাৰত প্ৰচণ্ড মাৰপিট, লকডাউনৰ সময়তে শ শ মানুহৰ ভিৰ এখন বজাৰত

    নিতৌ পুৱা ৫ বজাৰ পৰা ৭ বজালৈ চলা এই মাছঘাটত উপস্থিত হোৱা ক্ৰেতা, বিক্ৰেতাই নামানে কোনো চৰকাৰী নিয়ম

    দৰঙৰ খেৰনি চাপৰিত মাছ বিক্ৰেতা আৰু স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড মাৰপিট৷ শ্যামপুৰ থানাৰ অন্তৰ্গত খেৰনি চাপৰিত লক ডাউনৰ সময়তো দৈনিক পুৱা বহে মাছৰ বিশাল বজাৰ৷ দূৰ দূৰনিৰ কেইবা শতাধিক ৰাইজে
    মাছ কিনিবলৈ ভিৰ কৰাত স্থানীয় ৰাইজৰ সৈতে হতাহতি৷ আৰক্ষীয়ে বজাৰখন বন্ধ কৰিবলৈ এতিয়ালৈ লোৱা নাই কোনো ব্যৱস্থা৷

    কৰ’ণা ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰক্ষা পাবলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা কৰাৰ সময়তে দৰঙৰ চৰ অঞ্চলত নিয়মিত ভাৱে চলিছে এখন মাছৰ পাইকাৰী বজাৰ৷ বন্ধৰ সময়ত মাছৰ বজাৰত মাছ বিক্ৰীক কেন্দ্ৰ কৰি মহলদাৰ আৰু স্থানীয় ৰাইজৰ মাজত দৰঙৰ খেৰণি চাপৰি মাছৰ মহলত হয় প্ৰচণ্ড মাৰপিট৷ কৰ’ণা ভাইৰাছক লৈ সকলো ৰাইজ আতংকিত হ’লেও এতিয়ালৈ আতংকিত হোৱা নাই চৰ অঞ্চলৰ জনসাধাৰণ৷

    দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত খেৰণি চাপৰি মাছঘাটত আজি পুৱা মাছ কিনা বেচাক লৈ সংঘটিত হয় এই ঘটনা৷ বজাৰখনত মাছ কিনিবলৈ ভিৰ কৰে দূৰ-দূৰনিৰ ৰাইজ। মাছ ঘাটত লকডাউনৰ নাই কোনো প্ৰভাৱ৷ বজাৰখনত সমাগম হোৱা ৰাইজক খেদিবলৈও আৰক্ষীয়ে এতিয়ালৈ কোনো ব্যৱস্থা নোলোৱাৰ ফলত দৈনিক বৃদ্ধি পাইছে ৰাইজৰ এনে ভিৰ৷

    দৰঙৰ শ্যামপুৰ থানাৰ পৰা মাত্ৰ চাৰি কিমি দূৰৈত খেৰণি চাপৰিৰ এই মাছৰ বজাৰখন বন্ধ কৰিবলৈ এতিয়ালৈ সক্ষম হোৱা শ্যামপুৰ থানাৰ আৰক্ষী৷ জানিব পৰা মতে মৎস উন্নয়ন বিভাগৰ যোগেদি মাছঘাটৰ বজাৰ পোৱা মহলদাৰে লক ডাউনৰ সময়তো কাকো কেৰেপ নকৰি চলাই আছে এই মাছঘাট৷

    নিতৌ পুৱা ৫ বজাৰ পৰা ৭ বজালৈ চলা এই মাছঘাটত উপস্থিত হোৱা ক্ৰেতা, বিক্ৰেতাই নামানে কোনো চৰকাৰী নিয়ম৷ চৰকাৰে কৰ’ণা ভাইৰাছ ৰোধৰ বাবে যিমানেই নিয়ম নকৰক কিয় চৰ অঞ্চলৰ এই লোক সকলে নামানে কোনো নিয়ম নীতি৷

    Photo Credit: @rikidas

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং