বৰপেটাত উপস্থিত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। ঘৰে ঘৰে গৈ শিশুক খাদ্য যোগানৰ বাবে অংগনবাদী কৰ্মীক নিৰ্দেশ। কৰ্তব্যত অবহেলা কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ হুংকাৰ। ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দেশৰ এই দুৰ্যোগ পূৰ্ণ পৰিস্থিতিত বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলক, বিশেষকৈ শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু অংগনবাদী কৰ্মী-সহায়িকা সকলক নিষ্ঠা আৰু আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে।
আজি বৰপেটা ভ্ৰমণলৈ অহা মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত ছবছৰৰ অনুৰ্ধৰ শিশু সকলক ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী যোগানৰ বাবে তৎপৰতাৰে ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ অন্যথা কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰী তথা স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি তেওঁ সকীয়াই দিছে।
কৰ’ণা ভাইৰাছ মহামাৰী সদৃশ পৰিস্থিতিৰ সময়ত জিলা খনৰ সমাজ কল্যান বিভাগৰ কাম লগতে কাৰ্যৰ পৰ্যালোচনাৰ বাবে বিভাগীয় মন্ত্ৰী গৰাকীয়ে এই বৈঠকত অংশ গ্ৰহণ কৰে। সমাজ কল্যাণ বিভাগৰ সঞ্চালক দেবলা দেৱী দাস আৰু যুটীয়া সঞ্চালক মনিদ্বীপা শইকীয়া এই ভ্ৰমণত মন্ত্ৰীগৰাকীক সংগ দিয়ে।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাখনত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত জিমলী শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমূখ্যে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। পিছত মন্ত্ৰী ব্ৰহ্মই পাঠশালাত থকা তপোবন শিশু গৃহ পৰিদৰ্শন কৰে।
Photo Credit: @maidulislam