প্ৰশাসনৰ নিষেধাজ্ঞাকো আওকাণ কৰি লকডাউনৰ মাজতে ৰেড জ’নৰ পৰা ওলাই আহি হুৰাহুৰে মানুহে প্ৰৱেশ কৰিছে গ্ৰীণ জ’নত। এই বিষয়ে প্ৰশাসনৰ হাতত নাই প্ৰকৃত তথ্য। কলিয়াবৰটো সোমাইছে ইয়েল্ল’ আৰু ৰেড জ’নৰ পৰা আহা লোক। উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিছিল ৰেড জ’নৰ মানুহ অন্য জিলালৈ যাব নোৱাৰিব বুলি।
কলিয়াবৰৰ শেনচোৱা গাওঁত দুদিনৰ ভিতৰত ৰেড জ’ন ঘোষিত হোৱা মৰিগাঁৱৰ পৰা আহি প্ৰৱেশ কৰিছিল সাত জনকৈ লোক। পিছে প্ৰশাসনৰ ওচৰত নাই এই তথ্য। কলিয়াবৰৰ লগতে জিলাই জিলাই আৰু কিমান লোকে প্ৰৱেশ কৰিছে ৰেড জ’নৰ পৰা আহি তাৰ কোনো নিশ্চয়তা নাই।
সৌভাগ্য ক্ৰমে শিলঘাট স্বাস্থ্য বিভাগৰ নিজা তৎপৰতাত ৰেড জ’নৰ পৰা অহা ৭ জনকৈ লোকক স্বাস্থ্য পৰীক্ষা কৰাই হোম কোৱাৰাইণ্টাইনৰ ব্যৱস্থা কৰিছে। ৰেড জ’নৰ পৰা অন্য জিলালৈ কোনো লোক আহিব নোৱাৰাৰ চৰকাৰী সিদ্ধান্ত কঠোৰভাৱে কাৰ্যকৰী কৰিবৰ বাবে ৰাইজে দাবী জনাইছে। অন্যথা ভয়ংকৰ বিপদ মাতিব পাৰে ৰেড জ’নৰ পৰা অহা ব্যক্তি সকলে।
Photo Credit: @dipubora