20 C
Guwahati
Thursday, December 1, 2022
More

    কৰ’ণাৰ ভয়াৱহতাক ভেঙুচালি কৰি নলবাৰীত এচামৰ সমূহীয়া মৎস্যচিকাৰ

    খবৰ পোৱা মাত্ৰেই কাণ্ডজ্ঞানহীন লোকক খেদাৰ চেষ্টা নলবাৰী আৰক্ষীৰ

    নলবাৰীত কিছু লোকৰ কাণ্ডজ্ঞানহীন কাম৷ কৰ’ণাৰ সংক্ৰমণ ৰুধিবৰ বাবে দেশবাসীয়ে পালন কৰি আছে সম্পূৰ্ণ লকডাউন৷ তাৰ বিপৰীতে কিছুলোকে বৰ্তমানেও বুজি উঠা নাই এই ভাইৰাছৰ ভয়াবহতা৷ একগোট হোৱাই নহয় সমূহীয়াকৈ মৎস্যচিকাৰত নামিছে এচাম লোক৷

    এই ঘটনা নলবাৰী জিলাৰ সোনকুৰিহা অঞ্চলৰ৷ এই গাওঁত সমবতে হৈ পাগলাদিয়া নদীত মাছ ধৰাত ব্যস্ত এচাম৷ আৰক্ষীয়ে সজাগতা আৰু সতৰ্ক দৃষ্টি ৰখাৰ পিছতো কালি বিয়লিৰ ভাগত নলবাৰীৰ সোনকুৰিহা অঞ্চলৰ জাকে জাকে মানুহ ওলাই আহি নামে নদীত। হাতে হাতে প’ল, জুলুকি, জাল লৈ হাতে হাত ধৰি মাছ মাৰি থকা দেখি স্থানীয় ৰাইজে খবৰ জনাই আৰক্ষীক৷

    খবৰ পোৱা মাত্ৰেই কাণ্ডজ্ঞানহীন লোকক খেদাৰ চেষ্টা নলবাৰী আৰক্ষীৰ৷ ঘৰলৈ যোৱাৰ বাবে মাইকেৰে বাৰম্বাৰ আহ্বান আৰক্ষীৰ৷ নলবাৰী আৰু কমাৰকুছি আৰক্ষী সেই স্থানত উপস্থিত হোৱাৰ পিছতেই পলাই পত্ৰং দিয়ে লোক সকলে।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং