27 C
Guwahati
Monday, September 26, 2022
More

    যোৰহাটত ৩০ কেজি পেলনীয়া কাগজৰে ১১ ফুট উচ্চতাৰ কাগজৰ দুৰ্গা প্ৰতিমা

    ব্যয়বহুলতাৰ বিপৰীতে কেৱল মাত্ৰ ৪ হাজাৰ টকাৰ খৰচত অনুষ্ঠিত কৰিব পূজা

    সমাগত দুৰ্গা পূজা। ৰাজ্যৰ প্ৰতিখন পূজা কমিটীৰ লগতে ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকলো। পূজাৰ মণ্ডপসমূহো আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰতিটো মণ্ডপ ভক্তৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সাজু হৈ উঠিছে। কোনোবাই যদি চ্ন্দ্ৰযান-২ৰ আকৃতিৰে সাজিছে মণ্ডপ, কোনোবাই আকৌ ড্ৰেগনৰ ৰূপ দিছে পূজা মণ্ডপক।

    কিন্তু এই সকলোবোৰৰ মাজত এক ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ এজন যুৱকে। অঞ্জন তামুলী নামৰ যোৰহাটৰ কাঠনীবাৰীৰ যুৱকজনে পেলনীয়া বাতৰিকাকত লগতে আন কাগজৰে প্ৰায় ১১ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে।

    পৰিবেশ প্ৰদূষণ কৰা বিষাক্ত ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে অঞ্জনে আটা আৰু পেলনীয়া কাগজৰে সাজি উলিয়াইছে দুর্গতীনাশিনী মা দুৰ্গাৰ প্ৰতিমাৰ লগতে গণেশ, কাৰ্তিক, দেৱী লক্ষ্মী, মহিষাসুৰৰো প্ৰতিমা।

    বিগত ৫ বছৰ ধৰি অঞ্জনে নিজ গৃহতে এনেদৰে কাগজৰে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি পূজা অনুষ্ঠিত কৰি আহিছে আৰু জাক জমকতাৰ প্ৰতিযোগিতাৰ মাজতো ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ প্ৰতিবছৰে সক্ষম হৈছে।

    ব্যয়বহুলতাৰ বিপৰীতে কেৱল মাত্ৰ ৪ হাজাৰ টকাৰ খৰচত অনুষ্ঠিত কৰিব পূজা। উল্লেখ্য যে, এই প্ৰতিমা নিৰ্মাণ কৰিবৰ বাবে অঞ্জনে ব্যৱহাৰ কৰিছে প্ৰায় ৩০ কেজি পেলনীয়া কাগজ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং