27 C
Guwahati
Monday, September 26, 2022
More

    মচুৰ দাইলেৰে নিৰ্মাণ মা দুৰ্গাৰ প্ৰতিমা, দুৰ্গোৎসৱ বাবে সাজু ৰাজ্যবাসী

    পূজামণ্ডপটো নিৰ্মাণ কৰোতে এতিয়ালৈকে প্ৰায় ৩লাখ টকা ব্যয় হৈছে

    শাৰদীয় দুৰ্গোৎসৱৰ বাবে মাজত আছে মাথো কেইটামান দিন। সাজু হৈছে পূজা কমিটী, সাজু হৈছে মৃৎ শিল্পী, সাজু হৈছে অসমবাসী। ৰাজ্যৰ পূজা কমিটীসমূহ এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিমা তথা মণ্ডপসমূহ সজাই-পৰাই তোলাত। সমগ্ৰ ৰাজ্যৰ লগতে সাজু হৈছে নগাঁওবাসীও। নগাঁও চহৰৰ শণিমন্দিৰ পূজা কমিটিয়ে মচুৰ দাইলেৰে নিৰ্মাণ কৰিছে মা দূৰ্গাৰ প্ৰতিমা আৰু মণ্ডপ।

    এইবাৰ নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ। নগাঁৱৰ স্থানীয় শিল্পী অচ্যুৎ শইকীয়া আৰু তেঁওৰ পত্নী জ্যোতিৰাণী শইকীয়াই নিৰ্মাণ কৰা এই প্ৰতিমাত এতিয়ালৈকে প্ৰায় ১ কুইণ্টল মচুৰ দাইল খৰচ হৈছে। তেওঁলোকৰ মতে মণ্ডপ আৰু প্ৰতিমা সাজু হৈ উঠিবলৈ আৰু প্ৰায় ৩ কুইণ্টল মচুৰ দাইলৰ প্ৰয়োজন হ’ব।

    পূজামণ্ডপটো নিৰ্মাণ কৰোতে এতিয়ালৈকে প্ৰায় ৩লাখ টকা ব্যয় হৈছে। উল্লেখযোগ্য যে আগন্তুক দুৰ্গোৎসৱৰ ৩-৪ দিন পূৰ্বে নগাঁৱৰ শণিমন্দিৰৰ মচুৰ দাইলেৰে নিৰ্মিত হ’বলগীয়া পূজা মণ্ডপ তথা প্ৰতিমা সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে দুৰ্গা পূজা কমিটিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং