23.4 C
Guwahati
Wednesday, October 20, 2021
More

    ‘CAA’ৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱা উত্তৰ প্ৰদেশত শিক্ষাৰ্থীৰ সুৰক্ষাৰ বাবে শনিবাৰে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ

    ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত বৰ্তমানলৈ মৃত্যু হৈছে ৯জনকৈ প্ৰতিবাদকাৰীৰ

    অসমৰ পিছত এইবাৰ বন্ধ কৰি দিয়া হ’ল উত্তৰ প্ৰদেশৰ সমূহ শিক্ষানুষ্ঠান। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে শনিবাৰে শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ। সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ। অসমতো বিগত কেইবাদিনো ধৰি বন্ধ কৰি ৰখা হৈছে সকলো শিক্ষানুষ্ঠান। অহা ২৩ ডিচেম্বৰত হে অসমত শিক্ষানুষ্ঠান সমূহ খোলাৰ নিৰ্দেশ অসম চৰকাৰৰ।

    উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদে এতিয়া ভয়ংকৰ ৰূপ লৈছে উত্তৰ প্ৰদেশত। প্ৰতিবাদী সমদল উলিওৱাৰ লগতে প্ৰতিবাদকাৰীয়ে কোনো কোনো ঠাইত হিংসাৰ পথ অনুসৰণ কৰিছে। দায়িত্বত থকা আৰক্ষীক শিল নিক্ষেপ কৰাৰ লগতে আৰক্ষী চকী তথা পথৰ কাষৰ বাহনত অগ্নি সংযোগ কৰিছে। লগতে মৃত্যু হৈছে ৯জনকৈ প্ৰতিবাদকাৰীৰ। যাৰ বাবেই ৰাজ্যখনৰ মুঠ ১৮ খন জিলাত বৰ্তমানে ১৪৪ ধাৰা লগোৱাৰ লগতে কোনো ঠাইত সেৱা বন্ধ কৰিছে মোবাইল ইন্টাৰনেটৰ। সেই একেই কাৰণতেই শিক্ষানুষ্ঠানো বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ।

    Photo credit: yayskool

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং