26 C
Guwahati
Friday, October 7, 2022
More

    ‘পৰীক্ষা পে চৰ্চা নহয়,নৌকৰী পে চৰ্চা কিজিয়ে’-মোদীক চেলেঞ্জ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ

    প্ৰতিবছৰে ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল মোদীক প্ৰশ্ন ছাত্ৰীগৰাকীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জানুৱাৰীত নতুন দিল্লীত ‘পৰীক্ষা পে চৰ্চা ৩.০’ শীৰ্ষক এক কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ কাৰ্যসূচীত ৫০ গৰাকী দিব্যাংগ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে৷ ৯০ মিনিটজোৰা চলা এই বাৰ্তালাপত শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন বিষয়ত উপদেশ বিচৰাটো পৰিলক্ষিত হয়৷

    এই কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ উপৰিও ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷ তৃতীয় সংখ্যক ‘পৰীক্ষা পে চৰ্চা’ত কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ ছাত্ৰ–ছাত্ৰীৰে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে।

    এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেলেঞ্জ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ। ‘কা’ বিৰোধী আন্দোলনত অংশ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাই উদ্দাত্ত ভাষণত মোদীক আহ্বান জনায় কয় ‘পৰীক্ষা পে চৰ্চা নহয়, নৌকৰী পে চৰ্চা কিজিয়ে।’

    প্ৰতিবছৰে ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতি ক’ত গ’ল বুলিও ছাত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে মোদীক। অৰ্থনৈতিক ক্ষেত্ৰত চৰ্চা কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী ছাত্ৰীগৰাকীৰ। চাকৰি সন্দৰ্ভত আমি জানিব বিচাৰো বুলি মোদীক প্ৰত্যাহ্বান গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং