20 C
Guwahati
Saturday, January 29, 2022
More

    বিহুত পিঠা-লাড়ু নালাগে, লাগে ড্ৰাগছ; এম্বুলেঞ্চত ৰোগীৰ সলনি উদ্ধাৰ ড্ৰাগছ

    এম্বুলেঞ্চখনৰ পৰা তিনি লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে

    এফালে দেশ ব্যস্ত কৰ’ণাক হৰুৱাবলৈ, উঠি পৰি লাগিছে সকলো। দৰিদ্ৰক সেৱা আগবঢ়াইছে প্ৰায়ভাগে। তাৰ বিপৰীতে এচাম এতিয়াও ব্যস্ত ড্ৰাগছ সেৱনত। ভাত মুঠিৰ যোগাৰ হওক বা নহওক ড্ৰাগছ আসক্তই এৰিব পৰা নাই ড্ৰাগছ।

    যাৰ বাবেই আৰক্ষীৰ এক সাধাৰণ তালাচীতেই ওলাই পৰিল ড্ৰাগছৰ সৰবৰাহ। সৰবৰাহকাৰীয়ো কম নহয়, ড্ৰাগছ সৰবৰাহৰ বাবে বাছি ল’লে এম্বুলেঞ্চ।

    এই অদ্ভুত কাণ্ড সংঘটিত হৈছে কাছাৰ জিলাৰ ধলাই সমষ্টিত। সমষ্টিতোৰ ভাগা বজাৰত লকডাউনৰ কৰ্তব্য পালন কৰি থকা আৰক্ষী আৰু চিআৰপিএফ দলে তলাচী অভিযান চলাই থাকোতেই জব্দ হয় ড্ৰাগছ আৰু তিনি ড্ৰাগছ সৰবৰাহকাৰী সৈতে এম্বুলেঞ্চ।

    এম্বুলেঞ্চখনৰ পৰা তিনি লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। পিছত ধলাই থানালৈ লৈ যোৱা হয় তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম ক্ৰমে ৰাজু মিয়া মজুমদাৰ, আফজল হুচেইন বড়ভূঞা আৰু আহমেদ হুচেইন বড়ভূঞা।

    Photo Credit: @yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং