26 C
Guwahati
Sunday, November 28, 2021
More

    আজৱ দেশৰ গজৱ প্ৰেম; মোৱাইলত গহনাৰ ফটো দি পেলালে প্ৰেমত, বিয়াৰ পিছতহে ওলাল প্ৰকৃত ৰূপ

    ডিজিটেল হৈছে ইণ্ডিয়া। প্ৰেমতো আহি পৰিছে ডিজিটেলাইজেশ্যন। সেয়ে চিঠিৰ আদান প্ৰদান নহয় আজিকালি হয় কেৱল মোৱাইল প্ৰেম! পিছে কিমান প্ৰকৃত হ’ব পাৰে এই প্ৰেম। অসমতেই ঘটিছে এক মোৱাইল প্ৰেমৰ কাহিনী। পিছে বিয়াৰ পিছত ওলাই পৰিল প্ৰকৃত স্বৰুপ। মোৱাইলত গহনাৰ ফটো দি প্ৰেমৰজালত পেলালে যুৱতীক। ৱাটছএপ যোগে যুৱকে দিয়া গহনাৰ ফটো দেখি ভোল গ’ল এগৰাকী যুৱতী৷ হৰেক ৰকমৰ গহনাৰ ফটো দেখি বিপদত পৰিল বাক্সাৰ এগৰাকী সহজ-সৰল যুৱতী৷

    প্ৰথমে মিচ কল, তাৰ পাচত চিনাকি, তাৰ পাচত প্ৰেমৰ প্ৰস্তাৱ, তাৰ পিছত বিয়া। যুৱতী গৰাকী বাক্সা জিলাৰ কুমাৰপাৰাৰ৷ যুৱক নাতিদুৰৰ বৰমা কদমতলা গাঁওৰ৷ দেখাত শান্ত-শিষ্ট যুৱক৷ প্ৰেমৰ ডিগ্ৰীধাৰি যুৱকৰ নাম গৌতম বৰ্মন৷ মোৱাইলতে চতুৰ গৌতমে প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ ৱাটছএপত গহনাৰ ডিজাইনো দেখালে৷ কি গহনাই সুৱাব প্ৰমিকাক তাকো কলে প্ৰেমিক গৌতমে৷ গুৱাহাটীত ইলেক্ট্ৰিক ৱেৰিংৰ কাম কৰা বুলি কৈছিল প্ৰেমিকাক৷ কমবয়সীয়া প্ৰেমিকাও গৌতমৰ চাকৰি আৰু গহনাৰ ডিজাইনত ভোল গৈ সন্মতি দিলে প্ৰেমৰ প্ৰস্তাৱক৷ মোৱাইলতে দুয়ো প্ৰেমিক যুগলে বিৱাহৰ দিন ঠিক কৰি যোৱাটো মাঘত যুগ্মজীৱনৰ পাতনি মেলিলে।

    পিছে বিয়াৰ পাচতে গৌতমে আৰম্ভ কৰিলে আচল নাটক৷ চাকৰিও নাই গৌতমৰ৷ দিব পৰা নাই গহনাও৷ বৰং গৌতমে পত্নীৰ পৰিয়ালৰ পৰা নগদ পঞ্চাশ হাজাৰ টকা বিচাৰি চলাবলৈ আৰম্ভ কৰিলে শাৰিৰীক নিৰ্যাতন৷ দেওৱাৰে পত্নী আছিল বৰমাৰ দেউলগুৰীৰ মাহিয়েকৰ ঘৰলৈ৷ তাৰে পৰাই পত্নীক ৰাজপথলৈ মাতি নি পিতৃ গৃহৰ পৰা দাবীকৰা ধন আনিবলৈ নিৰ্দেশ দিয়ে আৰু ৰাজপথৰ ওপৰতে চলাই শাৰিৰীক নিৰ্জাতন৷ পত্নীক ৰাজপথত নিৰ্জাতন কৰা ঘটনাৰ সাক্ষী হৈ ৰ’ল ওচৰৰ বহু লোক৷ অৱশেষত উপাই বিচাৰি নাপাই নিৰ্জাতিতা পত্নীয়ে বৰমা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে গোচৰ তৰে৷

    Photo Credit:@nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং