টীয়কৰ চাহ-বাগিচাৰ মানববদৰদী চিকিৎসক দেৱেন দত্তৰ নৃশংস হত্যাৰ পিছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ বিভিন্ন চাহ-বাগিচাত কৰ্মৰত চিকিৎসকসকল। বৰ্তমানলৈ কেইবাগৰাকীও চিকিৎসকে ইতিমধ্যে পদত্যাগ কৰিছে। ৰাজ্যৰ ৬খন চাহ বাগিচাৰ পৰা ৬ গৰাকী চিকিৎসকে পদত্যাগ কৰিছে।
চিকিৎসক দেৱেন দত্তক হত্যাৰ পিছতে নাজিৰাৰ মেকিপুৰ চাহ বাগিচাৰ চিকিৎসক নবীন চন্দ্ৰ ফুকনেও আজি বাগিচাখনৰ কৰ্মৰ পৰা পদত্যাগ কৰে৷