32 C
Guwahati
Friday, September 30, 2022
More

    ৰাজ্যত পুনৰ চিকিত্সকক আক্ৰমণৰ ঘটনা, এইবাৰ ঘটনাৰ স্থান ঢেকিয়াজুলি

    পূজা চাই ঘৰলৈ ওভতাৰ পথতে চিকিত্সকসহ পৰিয়ালটোক আক্ৰমণ কৰে দুৰ্বৃত্তই। সুৰামত্ত দুই দুৰ্বৃত্তই চিকিত্সকজনৰ আঙুলি ভাঙি দিয়াৰ লগতে গুৰুতৰভাৱে আঘাত কৰে পিঠি আৰু মূৰত

    ৰাজ্যত পুনৰ আক্ৰমণৰ বলি হ’ল চিকিত্সক। এইবাৰ ঢেকিয়াজুলিত চিকিত্সকক আক্ৰমণ কৰিলে দুৰ্বৃত্তই। চিকিত্সক কমল জালৰ লগতে দুৰ্বৃত্তই আক্ৰমণ কৰে চিকিত্সকজনৰ পৰিয়ালৰ লোককো।

    সপৰিয়ালে পূজা চাবলৈ গৈছিল চিকিত্সক কমল জাল। পূজা চাই ঘৰলৈ ওভতাৰ পথতে চিকিত্সকসহ পৰিয়ালটোক আক্ৰমণ কৰে দুৰ্বৃত্তই। সুৰামত্ত দুই দুৰ্বৃত্তই চিকিত্সকজনৰ আঙুলি ভাঙি দিয়াৰ লগতে গুৰুতৰভাৱে আঘাত কৰে পিঠি আৰু মূৰত।

    চিকিত্সকজনৰ পত্নী আৰু পিতৃকো আক্ৰমণ কৰি পলায়ন কৰে সুৰাৰ ৰাগিত মাতাল দুৰ্বৃত্তকেইটাই। আক্ৰমণ কৰা দুৰ্বৃত্ত দুটাক চিনাক্ত কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। এটাৰ নাম অমিত দেৱনাথ, আনটোৰ নাম আকাশ দেৱনাথ। ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰিছি চিকিত্সক কমল জালে।

    Photo : Amal Nath

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং