যোৰহাটৰ টীয়ক চাহ-বাগিচা হাস্পতালত সম্ৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে বিয়লিৰ ভাগৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ২৬ বছৰীয়া এই যুৱকজনে ভৰিত আঘাট পোৱাত নিকটৱৰ্তী টীয়ক বাগানৰ হাস্পতালৈ লৈ যোৱা হৈছিল। কিন্তু হাস্পতালখনত বহু সময় ধৰি চিকিৎসক আৰু নাৰ্ছ উপস্থিত নহয়।
হাস্পতালত বহু পলমকৈ চিকিৎসক দেৱেন দত্ত উপস্থিত হৈ আহত যুৱজনক এটি বেজি দিয়ে আৰু বেজি দিয়াৰ লগে লগে মৃত্যুক আঁকোৱালি লয়। যুৱকজনৰ মৃত্যুৰ পিছতে ৰোগীৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে হাস্পতালখনত।
বাগিচাখনৰ শতাধিক শ্ৰমিক ওলাই আহি হাস্পতালখন ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে চিকিৎসক দেৱেন দত্ত আৰু কৰ্মচাৰীৰ ওপৰত আক্ৰমণ চলায়। গ্লাছৰ টুকুৰাৰেও আক্ৰমণ কৰে চিকিৎসকগৰাকীক। ঘটনাস্থলীত এম্বুলেঞ্চ উপস্থিত হোৱাৰ পিছতো ক্ষুব্ধ শ্ৰমিকে চিকিৎসক দত্তক হাস্পতাললৈ নিৱলৈ নিদিয়ে আৰু বহু সময় ধৰি তেজেৰে লুটুৰি-পুটুৰি হৈ চিকিৎসালয়তেই পৰি ৰয় চিকিৎসকগৰাকী।
পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰাত ঘটনাস্থলীত অৰ্ধ সামৰিক বাহিনী মোতায়েম কৰি মৃত যুৱকৰ সৈতে চিকিৎসকগৰাকীকো লৈ যায় হাস্পতাললৈ কিন্তু পথতে মৃত্যুক সাৱটে চিকিৎসকগৰাকীয়ে।
ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীত হত্যাৰ অভিযোগত ১৮ জন লোকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নিজাবৱীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে।