25 C
Guwahati
Thursday, October 21, 2021
More

    এখন চকীক লৈ ২ চিকিৎসকৰ টনা-আঁজোৰা; আৰক্ষী অহাতহে শাম কাটে কাজিয়াৰ! ক’ত এই ঘটনা?

    ৰাইজৰ সেৱাৰ বাবে স্থাপিত এই স্বাস্থ্য কেন্দ্ৰটোলৈ এতিয়া ৰোগীয়ে চিকিৎসাৰ বাবে আহি সাক্ষী হ'ব লগা হৈছে চিকিৎসকৰ মাজত চলা কাজিয়াৰ

    এইখন নলবাৰীৰ বাঁহজানীস্থ বাঁহজানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। ৰাইজৰ সেৱাৰ বাবে স্থাপিত এই স্বাস্থ্য কেন্দ্ৰটোলৈ এতিয়া ৰোগীয়ে চিকিৎসাৰ বাবে আহি সাক্ষী হ’ব লগা হৈছে চিকিৎসকৰ মাজত চলা কাজিয়াৰ।এইগৰাকী চিকিৎসক ডাঃ ভাৰ্গৱ কলিতাই বিভাগীয়ভাৱে বদলিৰ নিৰ্দেশ লাভ কৰাৰ পিছতো চকী নেৰাক লৈ চিকিৎসালয়খনৰ চিকিৎসক তথা স্বাস্থ্য বিষয়া ডাঃ কুন্তলা ৰাজবংশীৰে সৃষ্টি হৈছে তীব্ৰ বাক-বিতণ্ডাৰ।

    চিকিৎসালয়খনত স্বাস্থ্য বিষয়া হিচাপে যোগদান কৰা কুন্তলা ৰাজবংশীৰে চলি থকা শীতল যুদ্ধখনে অৱশেষত আজি কাজিয়াই এনে ৰূপ পাই যে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হোৱাতহে শাম কাটে কাজিয়াৰ। স্বাস্থ্য বিষয়া কুন্তলা ৰাজবংশীয়ে অভিযোগ কৰা মতে চিকিৎসক ভাৰ্গৱ কলিতাই নিজৰ খেয়াল-খুছি মতে কৰে সকলো কাম কাজ । নামানে উৰ্ধতম কৰ্তৃপক্ষকো।

    ইফালে স্থানীয় ৰাইজে স্বাস্থ্য বিষয়া কুন্তলা ৰাজবংশীয়ে কৰ্তব্যত গাফিলতি কৰি অহা বুলি অভিযোগ তুলিছে।ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বিষয় সন্দৰ্ভত উচিত পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।

    Photo Credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং