হোজাই জিলাৰ ডবকা নীলবাগান আদি এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা৷ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এটাৰ পিছত আনটো পথ দুৰ্ঘটনা৷ পথ দুৰ্ঘটনাৰ বাবে মুল্যবান জীৱন হেৰুৱাইছে ইজনৰ পিছত সিজনকৈ লোকে৷
সঘনাই হোৱা পথ দুৰ্ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে হোজাই জিলাবাসী৷ পিছে তথাপি চৰকাৰ ততা প্ৰশাসনৰ নাই কোনো গুৰুত্ব। সেয়ে এইবাৰ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আগবাঢ়ি আহিল আজমল ফাউণ্ডেচন৷
আজমল ফাউণ্ডেচনৰ হৈ ডবকাৰ বিশিষ্ট মুৰব্বী তথা হোজাই কলেজৰ ৰজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰশিদ আহমেদ, এ আই ইউ ডি এফ নেতা তথা সমাজকৰ্মী মহাম্মদ আলী, আৰু এই আই ইউ ডি এফ কৰ্মী আব্দুল হাই মিৰে ডবকা আৰক্ষী থানাত আগবঢ়ায় কেইবাখনো পুলিচ বেৰিকেড৷
Photo Credit: Sohidul Alam