পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চ যোগে সমগ্ৰ দেশৰে গাঁও পঞ্চায়তৰ মুৰব্বীসকলক সম্বোধন কৰে। এই বাৰ্তালাপতে মোদীয়ে মুকলি কৰে স্বামিত্ব যোজনা। লগতে মন্ত্ৰীয়ে নতুন ই-গ্ৰাম স্বৰাজ প’ৰ্টেল আৰু এপ’ৰো শুভাৰম্ভণি কৰে। এই প’ৰ্টেলৰ জৰিয়তে গাঁৱবাসীৰ সমস্যা তথা তেওঁলোকৰ সৈতে জড়িত তথ্যসমূহ লাভ কৰিব পাৰিব।
এই বাৰ্তালাপতে মোদীয়ে কয়, গাওঁবাসীৰ পৰা অহা ‘দুই গজ দূৰত্ব’ হ’ব কভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ নতুন মন্ত্ৰ। কৰ’ণা সংকটৰ মাজতে গাঁৱবাসীয়ে বিশ্বক ডাঙৰ বাৰ্তা দিছে। প্ৰধান মন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলাৰ মহম্মদ ইকবাল নামৰ ব্যক্তি এজনৰ লগতে কৰ্ণাটকৰ এজন ব্যক্তিৰ লগতো পোনপটীয়াকৈ কথা পাতে। মোদীয়ে কয় যে আজিকালি তেওঁ গাঁৱৰ মুখীয়ালৰ পৰা আৰম্ভ কৰি দেশসমূহৰ মুৰব্বীলৈকে কথা পাতি আছে।
ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আজি পৰিৱৰ্তিত পৰিস্থিতিয়ে সকলোকে আত্মনিৰ্ভৰ হ’বলৈ শিকাইছে। গাঁও পঞ্চায়ত শক্তিশালী হ’লে গাঁওৰ প্ৰতিজন মানুহেই শক্তিশালী হ’ব। যাৰ বাবেই মূল উদ্দেশ্য হৈছে পঞ্চায়ত মুৰব্বী সকলক অধিক শক্তিশালী কৰা। সেয়ে মুকলি কৰা হৈছে স্বামিত্ব যোজনা। ৫-৬বছৰ পূৰ্বে দেশত মাত্ৰ ১০০ পঞ্চায়ত ব্ৰডবেণ্ডৰ দ্বাৰা সংযোগিত আছিল, কিন্তু আজি এক লাখতকৈয়ো অধিক পঞ্চায়তত এই সুবিধা উপলব্ধ হৈছে।
আনহাতে প্ৰধানমন্ত্ৰীয়ে ইয়াকো কয় যে যিটো ৱেবছাইট আৰম্ভ কৰা হৈছে ইয়াৰ জৰিয়তে গাঁওৰ প্ৰতিজন লোকলৈ সঠিক তথ্য আৰু সাহায্য পোৱাত ক্ষিপ্ৰতা বাঢ়িব। লগতে ড্ৰোণৰ সহায়ত অতি সহজতে গাঁৱৰ মাপকাঠি জোখ কৰা হ’ব। যাৰ ফলত গাওঁ সমূহত সঘনাই হোৱা কাজিয়া আদিৰ সমাপ্তি ঘটিব। আৰু বেংকৰ পৰা অনলাইন যোগেই সম্পত্তি দেখুৱাই লোণ লোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব।
অৱশ্যে আৰম্ভণিতে এই যোজনা তথা এপ দেশৰ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, কৰ্নাটক আদিৰ লগতে মুঠ ৬খন ৰাজ্যত কৰা হ’ব। তাৰ পিছত হে ইয়াৰ আসোঁৱাহ আদি আতৰাই অধিক সুবিধা যুক্ত কৰি সমগ্ৰ দেশতে মুকলি কৰা হ’ব।
Photo Credit: @narendramodi