আজিৰে পৰা গুৱাহাটীত উপলব্ধ হ’ব ছাগলী মাংস। ফোন কৰি ঘৰতে লাভ কৰিব পাৰিব ছাগলীৰ মাংস। গুৱাহাটীবাসীৰ বাবে এই বিশেষ ব্যৱস্থা চৰকাৰৰ। ইয়াৰ বাবে গুৱাহাটীৰ কেইবাটাও স্থানত স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ।
নিজৰ ইচ্ছামতে ছাগলী বিক্ৰেতাই বিক্ৰী কৰিব নোৱাৰিব ছাগলী মাংস।
পশু চিকিৎসকে পৰীক্ষা কৰি ষ্টাম্প মাৰিলেহে বিক্ৰী কৰিব পাৰিব মাংস। স্বাস্থ্যসন্মত ছাগলী মাংসহে বিক্ৰী কৰিব পাৰিব কছাইসকলে। কোনোবাই ছাগলী বিক্ৰী কৰিব খুজিলে নিয়ন্ত্ৰণ কক্ষৰ সৈতে কৰিব লাগিব যোগাযোগ।
খানাপাৰা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 9435185593
পশু খাদ্যৰ বাবে 9435146959
পশু স্বাস্থ্যৰ বাবে 9435298832
চৰকাৰে নিৰ্ধাৰণ কৰি দিছে এই খাদ্য সামগ্ৰীৰ দাম। প্ৰতিকেজি ছাগলী মাংসৰ দাম ৬৫০ টকাকৈ নিৰ্দ্ধাৰণ।
এই দায়িত্ব লৈছে পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে। এই সমগ্ৰ বিষয়টো তদাৰক কৰিবৰ বাবে গঠন হৈছে ২০জনীয়া টাস্ক ফৰ্চ। বিক্ৰেতাই গ্ৰাহকৰ পৰা অত্যধিক মূল্য ল’লে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ।
Photo Credit: archanaskitchen.com