29 C
Guwahati
Saturday, October 23, 2021
More

    আশাহত চোৰে লিখি থৈ গ’ল ‘বহুত কনজুচ হেই ৰে তু’

    নিশা টোপনি ক্ষতি কৰি শেষত খালী হাতেই উভতিব লগা হ'ল চোৰ

    সমগ্ৰ নিশা কষ্ট কৰি এটা চোৰ সোমাইছিল এঘৰত। পিছে ইমান কষ্ট কৰি নিশা টোপনি ক্ষতি কৰি শেষত খালী হাতেই উভতিব লগা হ’ল চোৰ। গৃহস্থৰ ঘৰত নাপালে চুৰ কৰিব লগীয়া একো বস্তু। সেয়ে ঘৰটোৰ পৰা ওলাই অহাৰ সময়ত নিজ হাতে লিখি থৈ আহিল ‘বহুত কৃপন আপুনি, আনকি ভিতৰ সোমাবলৈ খিড়িকি ভাঙিব লগাও নহ’ল, ৰাতিটোৱেই বৰবাদ হৈ গ’ল মোৰ’।

    এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ শ্বাজাপুৰ জিলাত। চৰকাৰী অভিযন্তা পাৰভেজ চোনীৰ ঘৰত এই দশা হয় দুৰ্ভগীয়া চোৰটোৰ। উল্লেখ্য যে চোৰ সোমোৱা সময়ত ঘৰত উপস্থিত নাছিল অভিযন্তাগৰাকী আৰু বিশেষকৈ অভিযন্তা গৰাকীৰ ঘৰ আছিল এগৰাকী ন্যায়াধীশ আৰু জিলা কালেক্টৰৰ ঘৰৰ মাজত।

    দুয়োখন ঘৰতেই আছিল নিৰাপত্তাৰক্ষী আৰু তাৰ মাজতেই চোৰে গোটেই নিশা কটাই আহে অভিযন্তাগৰাকীৰ ঘৰত। পিছে আমোদজনক কথা এইটোহে যে এগৰাকী অভিযন্তাৰ ঘৰত চোৰে গৈ নাপালে একে চুৰ কৰিবলৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং