35 C
Guwahati
Wednesday, October 13, 2021
More

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা, ছুইচাইড নোট উদ্ধাৰ

    'মা আৰু দেউতা, মোক ক্ষমা কৰিব। মই এইটো তোমালোকক আঘাত দিয়াৰ বাবে কৰিলো, বাকী ইয়াত কোনো জড়িত হৈ থকা নাই।'- ছুইচাইড নোটত এই কথাখিনি স্পষ্টভাৱে লিখি থৈ গ'ল ছাত্ৰীগৰাকীয়ে

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীৰ আত্মহত্যা। জয়মতী ছাত্ৰী নিৱাসত এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যা। নিজৰ কোঠাতে চিপ লৈ আত্মহত্যা ছাত্ৰীগৰাকীৰ। আত্মহত্যা কৰা কোঠাটোৰ পৰা উদ্ধাৰ এখন ছুইচাইড নোটো।

    ‘মা আৰু দেউতা, মোক ক্ষমা কৰিব। মই এইটো তোমালোকক আঘাত দিয়াৰ বাবে কৰিলো, বাকী ইয়াত কোনো জড়িত হৈ থকা নাই।’- ছুইচাইড নোটত এই কথাখিনি স্পষ্টভাৱে লিখি থৈ গ’ল ছাত্ৰীগৰাকীয়ে।

    আত্মহনন কৰা ছাত্ৰীগৰাকীয়ে লিখা ছুইচাইড নোট

    ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল। হোষ্টেলৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ। মিছ ইংলিছ ডিপাৰ্টমেণ্ট সন্মান লাভ কৰা ছাত্ৰীগৰাকী আছিল টাইকোৱান্দোৰ খেলুৱৈ।

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ আন্তঃ মহাবিদ্যালয় ৱেটলিফটিং ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰিছিল মৃত ছাত্ৰীগৰাকীয়ে। যোৰহাট নিৱাসী ছাত্ৰীগৰাকীৰ মৃত্যক লৈ সৃষ্টি হৈ তীব্ৰ চাঞ্চল্যৰ।

    photo credit: siasat.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং