ডিব্ৰুগড়ত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। সঞ্জয় দাস নামৰ লোকজনে গুলীয়ালে পত্নী, পুত্ৰসহ তিনিজনক। ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তেই সমীপৰে এজন আত্মীয়ক গুলীয়াই লোকজনে। SSBৰ অৱসৰপ্ৰাপ্ত জোৱান সঞ্জয় দাসে প্ৰথমে নিজৰ .32 পিষ্টলেৰে নিজৰ গৃহৰ ভিতৰতে পত্নী স্বপ্না দাস আৰু পুত্ৰ নৱজ্যোতি দাসক গুলীয়াই।
ঘটনা সংঘটিত কৰি নিজ গৃহৰ পৰা পলায়ন কৰে লোকজনে। ডিব্ৰুগড় চহৰৰ দাতিকাষৰীয়া শুকান পুখুৰীস্থিত নিজ গৃহত এই ঘটনা সংঘটিত কৰি পলায়ন কৰা সঞ্জয়ে ডিব্ৰুগড়ৰ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কুমাৰণীছিগাৰ বগীপুলত অৱস্থিত আনজন আত্মীয় ঘনকান্তকো গুলীয়াই পলায়ন কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহত তিনিওগৰাকীকে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিত্সাধীন অৱস্থাতে আহত পত্নীয়ে কৰুণ মৃত্যুক সাৱটি লয়।
পত্নী আৰু পুত্ৰসহ আত্মীয়ক কিহৰ বাবে গুলীচালনা কৰে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আক্ৰমণকাৰী স্বামী জুৱা আৰু সুৰাৰ আসক্ত থকাৰ অভিযোগ একাংশৰ। ঘটনা সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনৰ তীব্ৰ প্ৰতিক্ৰিয়া।
Photo: Time8