12.5 C
Guwahati
Saturday, January 29, 2022
More

    ‘এতিয়াও কাম শেষ হোৱা নাই আৰু হত্যা কৰিব আছে’- আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলোৱাৰ পূৰ্বে এই ভাষ্য হত্যাকাৰী প্ৰাক্তন জোৱানৰ

    সোমবাৰে নিজৰ গৃহতেই পত্নী আৰু পুত্ৰসহ এজন আত্মীয়ক গুলীয়াই হত্যা কৰিছিল SSBৰ অৱসৰপ্ৰাপ্ত জোৱান সঞ্জয় দাসে। নিজৰ .32 পিষ্টলেৰে পত্নী শ্বপ্না দাস আৰু পুত্ৰ নৱজ্যোতি দাসক গুলীয়াই হত্যা কৰিছিল

    হত্যাকাৰী SSBৰ অৱসৰপ্ৰাপ্ত জোৱান সঞ্জয় দাসৰ সন্ধানত আৰক্ষীয়ে সোমবাৰৰ মাজনিশাৰ পৰা চলাইছিল অভিযান। শুকান পুখুৰীৰ নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপণ কৰি আছিল সঞ্জয় দাস। নিশা প্ৰায় ১২ বজাৰ পৰাই আৰক্ষীয়ে সঞ্জয় দাসক কৈ আছিল আত্মসমৰ্পণ কৰিবলৈ। আৰক্ষীয়ে চেষ্টা কৰিছিল‌ সঞ্জয় দাসক গ্ৰেপ্তাৰ কৰিবলৈ। আৰক্ষীয়ে দূৰৰ পৰাই বহু কথা পাতিছিল‌ হত্যাকাৰী জোৱানজনৰ সৈতে। কিন্তু আৰক্ষীৰ আগত এতিয়াও কাম শেষ নোহোৱা বুলি কৈ আৰু কোনো লোকক হত্যা কৰিবলৈ থকা বুলি কৈ আৰক্ষীলৈ লক্ষ্য কৰি কেইবাটাও গুলী চলাইছিল।

    অৱশেষত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলটোৱে তিনিটাকৈ ষ্টেণ্ড গ্ৰেণেড নিক্ষেপ কৰি ভয় খুৱাইছিল কিন্তু সঞ্জয় দাসে হাতৰ মাৰণাস্ত্ৰ পেলাই দি আত্মসমৰ্পণ কৰাৰ বিপৰীতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। অৱশেষত প্ৰায় ৩.৩০ বজাত ডিব্ৰুগড় আৰক্ষীয়ে সঞ্জয়ক লক্ষ্য কৰি কেইবা জাঁই গুলীচালনা কৰাত সঞ্জয় দাসৰ মৃত্যু হয়। আনহাতে আৰক্ষীয়ে হত্যাকাৰী সঞ্জয়ৰ পৰা উদ্ধাৰ কৰিছিল .32 পিষ্টল, এটা কাৰ্টুজ আৰু ৭টা সক্ৰিয় গুলী। সঞ্জয়ৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰা লগতে অধিক ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

    উল্লেখ্য যে সোমবাৰে নিজৰ গৃহতেই পত্নী আৰু পুত্ৰসহ এজন আত্মীয়ক গুলীয়াই হত্যা কৰিছিল SSBৰ অৱসৰপ্ৰাপ্ত জোৱান সঞ্জয় দাসে। নিজৰ .32 পিষ্টলেৰে পত্নী শ্বপ্না দাস আৰু পুত্ৰ নৱজ্যোতি দাসক গুলীয়াই হত্যা কৰিছিল। ঘটনা সংঘটিত কৰি নিজ গৃহৰ পৰা পলায়ন কৰি সঞ্জয়ে কিছু দূৰত থকা আন এজন আত্মীয় ঘনকান্ত হাজৰিকাকো গুলীয়াই পলায়ন কৰিছিল।

    পত্নী আৰু পুত্ৰ

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং