ডিব্ৰুগড়ত এজন গাড়ী চালকৰ দেহত কভিড ১৯ পজিটিভ চিনাক্ত হোৱা পাছতে জিলা খনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
কভিড পজিটিভ ধৰা পৰা পিছতে চালকজনৰ বাসগৃহ সহ নিৰ্দিষ্ট অঞ্চলটো কন্টেইন্টমেন জ’ন ঘোষণা।
ছবিৰ আলম নামৰ এজন গাড়ী চালকৰ দেহত কোভিড ১৯ চিনাক্ত হয় যোৱা নিশা।
ডিব্ৰুগড়ত নিশাৰ ভাগত চিনাক্ত হৈছিল ৭ জন কোভিড ১৯ পজিটিভ।
ইয়াৰ 8 জন খোৱাং কোৱাৰেইণ্টাইন চেন্টাৰৰ, ২ জন কুটুহা কোৱাৰেইণ্টাইন চেন্টাৰত থকা আৰু আন জন বৰবৰুৱাৰ এজন গাড়ী চালক।
ইপিনে কোৱাৰেইণ্টাইন চেন্টাৰৰ বাহিৰৰ লোক ক’ভিড ১৯ পজিটিভ চিনাক্ত হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ডিব্ৰুগড়ত।
ইতিমধ্যেই জিলা প্ৰশাসনে বৰবৰুৱাৰ উক্ত অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি নিষিদ্ধ কৰিছে। কিন্তু ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে।
ৰাজপথৰ কাষৰেই অঞ্চলটোত মাত্ৰ এজন আৰক্ষী কণিষ্টবলক পহৰাৰ দায়িত্ব দি দুডাল বাহ বান্ধি দ্বায়িত্ব সামৰিছে।
মাত্ৰ এটা পথত বৰ্ড লগাইছে যদিও পথচোৱাত সংলগ্ন কেইবাটাও পথ মোকলি হৈ থকাত কনণ্টেইমেণ্ট জ’নৰ পৰা লোক অহা-যোৱা কৰি আছে। যাৰ ফলত চাঞ্চল্য সৃষ্টি হৈছে।
ইফালে সমিপতে বহে দেওবাৰীয়া এখন বৃহত হাট বজাৰ। কাষতে আছে বাগিছাৰ কেইবাটাও লাইন।
আনহাতে গাড়ী চালক চবিৰ আলম নামৰ লোক জন কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সন্দৰ্ভত প্ৰশাসনে তথ্য সংগ্ৰহ কৰা লগতে স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত সামাজিক সংক্ৰমন হোৱাৰ আশংকা কৰিছে বিভিন্ন জনে। আতংকিত হৈ পৰিছে।
উক্ত ছবিৰ আলমে ICMRৰ পৰা চেপনলৈ এজন চিকিৎসকৰ বাহন ভাড়া চলাইছিল।
কিন্তু কৰ পৰা কেনেকৈ কৰ’ণাৰ সংক্ৰমণ হ’ল এই লৈ চাঞ্চল্য সৃষ্টি হৈছে।
Photo Credit: @abdulrajjak