ডিৱ্ৰুগড়ৰ বৰবৰুৱাৰ জঘন্য ঘটনাত জড়িত এটা পাষণ্ড গ্ৰেপ্তাৰ। নাৰকীয় ঘটনাত জড়িতৰ অভিযোগত বিশাল কৰ্মকাৰ ওৰফে টাকলো নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে বৰবৰুৱা আৰক্ষীয়ে। বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে পাষণ্ডটোক।
১৭ আগষ্টত বৰবৰুৱা চাহ বাগিচাৰ এটা নলাত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই গৈছিল। বিচিপিএলত অস্থায়ী কৰ্মচাৰীৰূপে নিয়োজিত যুৱতীগৰাকী ঘৰৰ পৰা পুৱা ৬বজাত ওলাই যাওঁতে বাগিচাৰ মাজত সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটো। এই ঘটনাৰ পিছতে ডিৱ্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা লগতে ধৰ্ষণ তথা হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লোকে।
আৰক্ষীয়ে দেওবাৰে নিশা বৰবৰুৱাৰ চাহ-বাগিচাৰ পৰাই বিশাল কৰ্মকাৰ ওৰফে টাকলু নামৰ পাষণ্ডটোক গ্ৰেপ্তাৰ কৰে।
Dibrugarh | Edited by: Dulu Medhi | First Published: Aug 19, 2019