27 C
Guwahati
Monday, September 26, 2022
More

    ডিব্ৰুগড়ৰ মহৰম কাণ্ডঃ ২ অভিযুক্তৰ জামিন লাভ

    ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতেই অৱশেষত ডিব্ৰুগড়ৰ ন্যায়িক আদালতে ২জন অভিযুক্তৰেই জামিন মঞ্জু কৰে

    মহৰমৰ দিনা তাজিয়াত ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱ চলাই দুখন বাহনৰ ক্ষতি সাধন কৰাৰ অভিযোগত ডিব্ৰুগড়ৰ পৰা ফুলকান হুছেইন নামৰ এজন যুৱকক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে জাভেদ আখতাৰ খান ওৰফে আজাদ খান নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

    মহৰমত পৰম্পৰাৰ নামত ৰাজপথত উদ্ভণ্ডালি চলোৱাৰ লগতে একাংশই বাহন ভাঙি চূৰমাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৰাজ্যজুৰি। আৰক্ষীয়ে চিচি টিভি আৰু মোবাইল কেমেৰাত আবদ্ধ হোৱা ভিডিঅ’ প্ৰত্যক্ষ কৰি এজন যুৱকক বুধবাৰে গ্ৰেপ্তাৰ কৰে। পিছত জাভেদ আখতাৰ খান ওৰফে আজাদ খান নামৰ এজন লোকক থানালৈ মাতি নি গ্ৰেপ্তাৰ কৰাৰ পিছতে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ত।

    ডিব্ৰুগড়ৰ ঈদগাহ সমিতিৰ সভাপতি, মাজাৰ কমিটিৰ সম্পাদক, ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু ডিব্ৰুগড় স্বেচ্ছাসেৱী সংগঠন ড্ৰাইমণ্ড ক্লাবৰ সভাপতি জাভেদ আখতাৰ খানক বুধবাৰে সন্ধিয়া সদৰথানালৈ মাতি অৱশেষত ৱৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ পৰে একাংশ। জাভেদ আখতাৰ খানক বিনাচৰ্তে মুক্তিৰ দাবীত ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰে একাংশই।

    প্ৰায় ৪ ঘণ্টা ধৰি ডিব্ৰুগড়ৰ সদৰথানা ঘেৰাও কৰি উত্তাল পৰিবেশ সৃষ্টি কৰা প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰাত আৰক্ষী ব্যৰ্থ হোৱাত সদৰথানাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝা আৰু আৰক্ষী অধীক্ষক সুভাষিনী শংকৰনেও উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে। ধৃত জাভেদ আখতাৰ খানক ডিব্ৰুগড় ন্যায়িক আদালতলৈ নিয়াৰ মুহূৰ্তত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হয়।

    ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতেই অৱশেষত ডিব্ৰুগড়ৰ ন্যায়িক আদালতে ২জন অভিযুক্তৰেই জামিন মঞ্জু কৰে। জামিনত মুক্তি লাভ কৰি জাভেদ আখতাৰ খান ওৰফে আজাদ খানে তেওঁ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং