21 C
Guwahati
Sunday, October 24, 2021
More

    ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ সকিয়নী প্ৰতিবাদকাৰীক

    প্ৰতিবাদকাৰী সকলক প্ৰতিবাদ উঠাই লবলৈ শেষ আহ্বান, নহলে হ'ব পুনৰ লাঠীচাৰ্জ- সেনা

    ডিব্ৰুগড়ৰত ভয়াবহ পৰিস্থিতি, প্ৰতিবাদকাৰীক আৰক্ষীৰ লাঠি চালনা, শূণ্যলৈ গুলী আৰু প্ৰতিবাদকাৰীলৈ ৰবৰ গুলী, কন্দুৱা গেছ আদি প্ৰয়োগ। প্ৰতিবাদীকাৰীৰ প্ৰত্যেক্ৰমণ, আৰক্ষীলৈ বৃহৎ বৃহৎ শিল ইটা নিক্ষেপ, আক্ৰমণত গুৰুত্বৰ ভাৱে আহত বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিক। উল্লেখ যে ডিব্ৰুগড়ত বিগত দুদিন ধৰি দিনে নিশাই প্ৰতিবাদ অব্যাহত থকাৰ পিছত আজি পুৱাৰ ভাগতো অনুৰূপ পৰিবেশ অব্যাহত আছিল। প্ৰতিটো পথতেই নিলগে নিলগে টায়াৰ জ্বলাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত এটা এটা অঞ্চলত হাজাৰ হাজাৰ লোক ওলাই আহিছে।

    Photo: Time8

    ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ এটা দলে এই সকল প্ৰতিবাদকাৰীক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ জনাবলৈ আৰু আন ৰাইজক প্ৰতিবাদৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই গৈ আছিল। এনে সময়তে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বকুলত আৰক্ষী এই আহ্বান নামানি প্ৰতিবাদকাৰীয়ে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। ডিব্ৰুগড় বকুলত সেনা, চিআৰপিএফ মোতায়ন, পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা, প্ৰতিবাদকাৰী সকলক প্ৰতিবাদ উঠাই লবলৈ শেষ আহ্বান, নহলে হ’ব পুনৰ লাঠীচাৰ্জ । সেনাভৰ্তি কেইবাখনো ট্ৰাক বৰ্তমানে উপস্থিত ডিব্ৰুগড়ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং