কৰ’ণাৰ সৈতে যুঁজিবলৈ তৎপৰ ভাৰতীয় ৰে’লৱে বিভাগ। ডিব্ৰুগড়তো ৰে’ল বিভাগে যুদ্ধকালীন তৎপৰতাৰে সাজু কৰিছে ৬০টাকৈ অত্যাধুনিক আইছ’লেচন ডবা। ইয়াৰে বাণীপুৰ ৰে’লষ্টেচনত সাজু কৰা হৈছে ৩০ টাকৈ ডবা। আৰু ডিব্ৰুগড়ৰ ৰে’লৱে ওৱৰ্কশ্বপত নিৰ্মাণ কৰি থকা হৈছে অন্য ৩০ টাকৈ ডবা। অহা ৯ এপ্ৰিললৈকে সম্পূৰ্ণ সাজু হৈ উঠিব এই ডবা সমূহ।

এনে প্ৰতিটো ডবাতেই থাকিব এজনকৈ ডাক্তৰ লগতে পেৰামেডিকচৰ এটি দল। প্ৰতিটো ডবাতে চিকিৎসা কৰিব পৰা যাব ৮জনকৈ কৰ’ণা আক্ৰান্ত ৰোগীক। আৱশ্যক অনুসৰি এই সংখ্যা বৃদ্ধি কৰিবও পৰা যাব।

উল্লেখ্য যে কৰ’ণাৰ সৈতে যুঁজবলৈ ৰে’ল বিভাগৰ তৰফৰ পৰা সমগ্ৰ দেশতে নিৰ্মাণ কৰি থকা হৈছে এন ৫ হাজাৰ আইছ’লেচন ডবা। দেশৰ কোনো প্ৰান্তত কৰ’ণা বয়াবহ ৰূপ ধাৰণ কৰিলে তেনে ঠাইলৈ তৎক্ষনিক ভাৱে নিব পৰাকৈ ৰে’লৱে বিভাগে সাজু কৰিছে এই অত্যাধুনিক আইছ’লেচন ডবা সমূহ।

Photo Credit: @abdulrajjak