লকডাউনৰ সময়তে ডিব্ৰুগড়ত বেংকৰ সমুখত ভয়াৱহ দৃশ্য। কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে যিমানেই সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে সিমানেই উন্মাদ মানুহে কিবা এটা পোৱাৰ আশাত পাহৰি গৈছে সকলো নীতি-নিয়ম। টেঙাখাতত দেখিবলৈ পোৱা গৈছে এক অন্য দৃশ্য, বেংক সমূহত লানি নিছিঙা সোঁত গ্ৰাহকৰ।
জনধন একাউন্টত জমা হোৱা ধন সংগ্ৰহ কৰিবলৈ গাঁওসমূহৰ পৰা ওলাই আহিছে শ শ মহিলা। লকডাউনৰ মাজতে জমা ধন নিবলৈ আহি ডিব্ৰুগড়ৰ টেঙাখাতৰ বেংকত গ্ৰাহকৰ দীঘলীয়া শাৰী। টেঙাখাতৰ অসম গ্ৰামীন বিকাশ বেংক, এলাহাবাদ বেংকৰ পৰা জমা ধন উলিয়াৱলৈ আহি ঘন্টা ধৰি এইদৰে থিয় হ’ব লগা হৈছে গ্ৰাহকসকল।
পিছে ইজনে সিজনৰ লগত সামাজিক দুৰত্ব মানি নচলাকৈ ঘন্টা ধৰি ঘন্টা লাইন পাতি থিয় দি থকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। তেনে সময়তে সাংবাদিকৰ উপস্থিতি দেখি লগে লগে বেংক কৰ্তৃপক্ষ আৰু আৰক্ষী সজাগ কৰা দেখা গৈছে এনেদৰে। আনহাতে বেংকৰ ভিতৰলৈ এজন এজনকৈ লোক প্ৰৱেশ কৰিৱলৈ দিয়াত এনেদৰে বাহিৰত ভিৰ কৰিবলগীয়া হয় গ্ৰাহকসকলে।
photo Credit: @abdulrajjak