20 C
Guwahati
Friday, January 28, 2022
More

    ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক নয়ন দাসৰ পত্নীৰ আত্মহত্যা

    ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক নয়ন দাসৰ পত্নী তৰা দাসৰ আত্মহত্যা। ডিব্ৰুগড়ৰ বাণীপুৰস্থিত নিজ বাসগৃহৰ ভিতৰতে আত্মহত্যা কৰে পত্নীয়ে।

    এই আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ডিব্ৰুগড়তে।

    নিজ বাসগৃহৰ শোৱনী কোঠাত মহিলাগৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়।

    ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিত্‍সা মহাবিদ্যালয়ললৈ প্ৰেৰণ কৰিছে।

    পিছে কিয় কি কাৰণে বিজেপিৰ নেতাগৰাকীৰ পত্নীয়ে আত্মহত্যা কৰিলে সেয়াহে সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে।

    আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া আত্মহত্যা বুলিয়ে জনাইছে।

    বৰ্তমানলৈ তদন্তত কোনো ধৰণৰ ৰহস্য়ৰ গোন্ধ পোৱা নাই, যদিও এনেদৰে কি কাৰণত হঠাৎ আত্মহত্যা কৰিলে সেয়াহে প্ৰশ্নৰ বিষয়।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং