কৰ’ণাক লৈ ভয়ংকৰ অপপ্ৰচাৰ চলোৱা ধিঙৰ বিধায়ক তথা AIUDFৰ জ্যেষ্ঠ নেতা আমিনুল ইছলামক গ্ৰেপ্তাৰ।ডিটেনশ্যন চেণ্টাৰতকৈও ভয়াৱহ কোৱাৰাণ্টাইন চেণ্টাৰ বুলি ভয়ংকৰ অপপ্ৰচাৰ চলাইছিল আমিনুল ইছলামে। ইয়াৰ উপৰিও ইছলামধৰ্মী লোকক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপিত হৈছে AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে। কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সন্দৰ্ভতো চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ বিধায়কগৰাকীয়ে মুছলমান লোকসকলক পাকে-প্ৰকাৰে স্বাস্থ্য বিভাগক সহযোগ নকৰিবলৈ নানান ধৰণে ভীতিগ্ৰস্ত কৰিছে।
অসম আৰক্ষীৰ হাতত পৰিছে বিধায়কজনৰ কণ্ঠ সম্বলিত এক বিশেষ অডিঅ’। সম্প্ৰতি ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপত পোহৰলৈ আহিছে ধৰ্মীয় ৰহণ সনা বহু ভয়ানক তথ্য।ইয়াৰ পূৰ্বেও বহু বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল AIUDFৰ বিধায়কগৰাকীয়ে।
উল্লেখযোগ্য যে সমগ্ৰ অসমতে যি সময়ত চৰকাৰ তথা প্ৰশাসনে নিজামুদ্দিনৰ তবলিগী জামাতৰ পৰা অহা লোকসকলক স্বেচ্ছাই স্বাস্থ্যপৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে সেই সময়ত আমিনুল ইছলামৰ এই ভয়ংকৰ অপপ্ৰচাৰ আৰু সাম্প্ৰদায়িক উচতনিয়ে অসমবাসীক ভয়ংকৰ বিপদলৈ ঠেলি দিয়াৰ আশংকা কৰা হৈছে।অৱশেষত নিশা ২ বজাত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমিনূল ইছলামক। ধৰ্মীয় ৰহণ সানি বিতৰ্কিত মন্তব্য কৰা আমিনুল ইছলামক আৰক্ষীৰ জেৰা অব্যাহত।
Photo Credit: Hindu Post