29 C
Guwahati
Monday, October 25, 2021
More

    ধেমাজি মহাবিদ্যালয়ে নিজাকৈ প্ৰস্তুত কৰিছে ছেনিটাইজাৰ;বিনামূলীয়া বিতৰণৰ ব্যৱস্থা

    সমগ্ৰ দেশত ছেনিটাইজাৰ নাটনি হোৱাৰ বাবে এনে প্ৰচেষ্টা হাতত লৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই

    এতিয়া সকলোকে খেদিছে কৰ’ণা ভাইৰাছৰ আতংকই। বজাৰত মাস্ক, ছেনিটাইজাৰ অভাৱে বেছিকৈয়ে আতংকিত কৰি তুলিছে জনসাধাৰণক। কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ধেমাজি মহাবিদ্যালয়ে নিজাকৈ ৰসায়ন বিজ্ঞানৰ লেবৰটৰীত ছেনিটাইজাৰ প্ৰস্তুত কৰিছে৷ সমগ্ৰ দেশত ছেনিটাইজাৰ নাটনি হোৱাৰ বাবে এনে প্ৰচেষ্টা হাতত লৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই।

    ধেমাজি জিলা উপায়ুক্তক পৰীক্ষামূলকভাৱে আজি এই ছেনিটাইজাৰ প্ৰদান কৰা হ’ব। ইয়াৰ পিছতে ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ প্ৰচেষ্টা হাতত লৈছে মহাবিদ্যালয়খনে৷ জিলাখনৰ গাঁৱে গাঁৱে সজাগতা চলোৱাৰ লগতে ছেনিটাইজাৰ যোগান ধৰিব৷

    সম্প্ৰতি বিভিন্ন স্থানত ছেনিটাইজাৰৰ অভাৱ পৰিলক্ষিত হৈছে আৰু ইয়াৰ ভিত্তিতে মহাবিদ্যালয়খনে এনে প্ৰচেষ্টা হাতত লোৱাত সকলোৱে একমুখে প্ৰশংসা কৰিছে।

    Input & Photo: Jayanta Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং