26 C
Guwahati
Thursday, September 29, 2022
More

    ৰক্ষকেই ভক্ষক! প্ৰমান কৰিলে ৫জন ডকাইতৰূপী আৰক্ষীয়ে

    কৰিমগঞ্জৰ আলতাব হুছেইন আৰু হোজাইৰ কালিমুদ্দি নামৰ দুজন লোকক মাৰধৰ কৰি তেওঁলোকৰ পৰা ৩ লাখ ৮৯ হাজাৰ টকা লুটি লৈ যায়

    মৰিগাঁৱত নিশা ডকাইতৰূপী আৰক্ষীয়ে পথচাৰীৰ পৰা লুটি নিলে ৩ লাখ ৮৯ হাজাৰ টকা। ধৰমতুল আৰক্ষী থানাৰ তহলদাৰী আৰক্ষীয়ে লুটি নিলে এই বৃহৎ পৰিমানৰ ধনখিনি। ৰাইজে নিৰাপত্তাৰ বাবে চকু মুদি বিশ্বাস কৰা আৰক্ষীয়ে সংঘটিত কৰিলে এই নিৰ্লজ্জ কাণ্ড।

    মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ দুলাল পাতৰ ( D F O ), দেৱজিৎ ভূঞা আৰু ঋতুৰাজ শইকীয়া (১১ নং বেটেলিয়ন জোৱান), কমল ডেকাৰজা (গাড়ী চালক) আৰু বিশ্বজিত দাস (কনিষ্টবল) নামৰ এইকেইজন আৰক্ষীয়ে নিশা তহল দিবলৈ গৈ কৰিমগঞ্জৰ আলতাব হুছেইন আৰু হোজাইৰ কালিমুদ্দি নামৰ দুজন লোকক মাৰধৰ কৰি তেওঁলোকৰ পৰা ৩ লাখ ৮৯ হাজাৰ টকা লুটি লৈ যায়।

    কয়লা ব্যৱসায়ী আলতাব হুছেইন আৰু কালিমুদ্দিনে গাড়ী কিনিবলৈ লাটুমবাৰীৰ পৰা যোৰাবাটলৈ আহিছিল কিন্তু গাড়ী কিনিব নোৱাৰি নিশা ঘৰলৈ ৰাওনা হৈছিল। ব্যৱসায়ী দুজনে ঘৰলৈ উভতাৰ পথতে এই ৫জন তহলদাৰী আৰক্ষীয়ে ব্যৱসায়ী দুজনৰ পৰা টকাখিনি লুটি লৈ যায়।

    পিছত ব্যৱসায়ী দুজনৰ গোচৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে এই ৫জন আৰক্ষীক আটক কৰে। DFO দুলাল পাতৰক অপসাৰণ কৰাৰ লগতে গৃহৰক্ষী জোৱান কমল ডেকাৰজা আৰু বিশ্বজিত দাসক বৰ্খাস্ত কৰিছে মৰিগাঁও প্ৰশাসনে৷ ইফালে ১১ নং বেটেলিয়নৰ জোৱান দেৱজিৎ ভূঞা আৰু ঋতুৰাজ শইকীয়াৰ বিৰুদ্ধে শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয়ভাৱে নিৰ্দেশ প্ৰদান কৰিছে৷

    ঘটনা সন্দৰ্ভত কি ক’লে আৰক্ষী বিষয়াই?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং