শ্বাৰ্জিল ইমামৰ জেৰা অব্যাহত আছে৷ তদন্তৰ স্বাৰ্থত আৰু কেইদিনমান অসমতে ৰখা হ’ব পাৰে শ্বাৰ্জিলক। এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজোতি মহন্তই ৷ শিলচৰত সংবাদমাধ্যমৰ সৈতে আলোচনাৰ সময়ত মহন্তই এই কথা জনায় ৷
শ্বাৰ্জিলক জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। তদন্তৰ খাতিৰত বহু কথা সদৰি কৰা নাই যদিও জেৰাত শ্বাৰ্জিলৰ পৰা যে নতুন নতুন তথ্য লাভ কৰিআছে অসম আৰক্ষীয়ে সেয়া DGP গৰাকীৰ সম্পূৰ্ণভাৱে স্পষ্ট। আনহাতে অধিক তথ্যৰ কাৰণে শ্বাৰ্জিলক আৰু কেইদিনমান অসমলৈ ৰখাৰ পৰিকল্পনা কৰিছে অসম আৰক্ষীয়ে সেয়া উল্লেখ কৰিছে ডিজেপি ভাস্কৰজ্যোতি মহন্তই।
আনহাতে অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱি আৰু সাংবাদিকৰ লগত শ্বাৰ্জিলৰ লগত যোগসূত্ৰ আছে বুলি যি খবৰ ওলাইছে এয়া লৈ কোনো মন্তব্যৰ পৰা বিৰত থাকে DGP ৷ দক্ষিণ অসম ৰেঞ্জৰ অপৰাধ দমনসহ আইন শৃংখলা পৰিস্থিতিৰ বুজ ল’বলৈ শিলচৰত আহিছে DGP ভাস্কৰজ্যোতি মহন্ত।
Photo: Time8