25 C
Guwahati
Thursday, October 21, 2021
More

    Big Breaking: মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ

    কিছু সময়ৰ পূৰ্বে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপি-এন চি পিৰ যুটীয়া চৰকাৰ গঠন হৈছিল

    মহাৰাষ্ট্ৰ চৰকাৰত আৰম্ভ হৈছে খহনীয়া। কিছু সময়ৰ পূৰ্বে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপি-এন চি পিৰ যুটীয়া চৰকাৰ গঠন হৈছিল।

    বিজেপিৰ দেৱেন্দ্ৰ গংগাধৰৰাও ফাড়নৱিজে দ্বিতীয়টো কাৰ্যকালৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। বিজেপিয়ে শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিছিল।

    মহাৰাষ্ট্ৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত কোনো এটা দলেই একক সংখ্যা গৰিষ্ঠতা লাভ নকৰা হেতুকে দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত চলি আছিল অচলাস্থা। শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে কংগ্ৰেছ, শিৱসেনা আৰু এন চি পি মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী হোৱাৰ কথা আছিল কিন্তু হঠাৎ হ’ল পট পৰিৱৰ্তন। এতিয়াও মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে ৰং সলালে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং