19 C
Guwahati
Sunday, November 27, 2022
More

    যৌতুকৰ বাবে পত্নীক অত্যাচাৰ স্বামীৰ, জ্বলাই দিলে নিজৰে ঘৰ

    পত্নীয়ে টকাসহ বাইক আনিবলৈ সক্ষম নোহোৱাত সোমবাৰে নিশা প্ৰায় ১০ বজাত নিজৰ ঘৰে জ্বলাই দিয়ে লম্পট ৰাতুল চাংমায়ে

    ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে যৌতুকজনিত ঘটনা। যৌতুকৰ বাবে পত্নীক অত্যাচাৰ আৰু নিজৰে গৃহ জ্বলাই দিলে স্বামীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ কৈলাশপুৰত।

    পত্নীয়ে মাতৃ গৃহৰ পৰা যৌতুকৰ লগতে টকা ননাৰ বাবেই পত্নীক অত্যাচাৰ কৰি নিজ গৃহ জলাই পলায়ন পাষণ্ড স্বামীৰ। তিনিচুকীয়াৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰৰ ৰাতুল চাংমাই নামৰ পাষণ্ডটোৱে বিবাহপাশত আৱদ্ধ হোৱাৰে পৰা পত্নীক যৌতুক বিচাৰি নানাধৰণে চলাই আহিছিল অত্যাচাৰ।

    ভুক্তভোগী পত্নী

    বিগত কেইবাদিন ধৰি স্বামী ৰাতুল চাংমায়ে বাইক আৰু দহ হেজাৰ টকা বিচাৰি পত্নীৰ ওপৰত কৰিছিল শাৰীৰিক অত্যাচাৰ। পত্নীয়ে টকাসহ বাইক আনিবলৈ সক্ষম নোহোৱাত সোমবাৰে নিশা প্ৰায় ১০ বজাত নিজৰ ঘৰে জ্বলাই দিয়ে লম্পট ৰাতুল চাংমায়ে৷

    স্থানীয় লোকে ঘৰটোৰ পৰা কেইবাবিধো সামগ্ৰী ওলাই আনিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণভাৱে পুৰি ছাই হৈ যায় বাসগৃহটো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং