26 C
Guwahati
Thursday, September 29, 2022
More

    ডিমৌৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন পৰিবহণ আয়ুক্তৰ, বুজ ল’লে আহত লোকৰ অৱস্থাৰ

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ডিমৌৰ পথ দুৰ্ঘটনাস্থলীত উপস্থিত হ’লগৈ পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টাল। আৰক্ষী, জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিবহণ আয়ুক্তগৰাকীয়ে বুজ ল’লে সমগ্ৰ ঘটনাৰ। লগতে দুৰ্ঘটনাৰ ফলত আহত লোকসকলৰ অৱস্থাৰো বুজ ল’লে পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে।

    উল্লেখ্য যে ডিমৌৰ থাওৰা দলত সোমবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰেভেলাৰ আৰু বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত ১২জনতকৈও অধিক লোক। গুৰুতৰভাৱে আহতকেইজন এতিয়াও চিকিত্সাধীন হৈ আছে হাস্পতালত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং