27 C
Guwahati
Wednesday, October 13, 2021
More

    উগ্ৰপন্থী সংগঠনৰ নাম লৈ ধন দাবী অকলশৰীয়া মহিলাক; ক’ত ঘটিছে এই ঘটনা?

    নিৰ্ধাৰিত সময়ৰ ভিতৰত মহিলাগৰাকীক আদায় দিবলৈ কোৱা হৈছিল ৫০,০০০ টকা

    উগ্ৰপন্থী সংগঠনৰ নাম লৈ ধন দাবী কৰি চামগুৰি আৰক্ষীৰ জালত পৰিল এজন লোক । ধৃত লোকজন চামগুৰিৰ বৰদলৰ শ্যামেল তিৰ্কী । একেখন গাঁৱৰে এগৰাকী মহিলাক কৰিছিল ধনদাবী । কিছুদিন পূৰ্বে চামগুৰিৰ বৰদলৰ এগৰাকী মহিলালৈ আহিছিল অচিনাকী নম্বৰৰ পৰা ফোন । নিৰ্ধাৰিত সময়ৰ ভিতৰত মহিলাগৰাকীক আদায় দিবলৈ কোৱা হৈছিল ৫০,০০০ টকা ।

    কৰ্মসূত্ৰে স্বামী বহিঃৰাজ্যত থকাৰ বাবে মহিলাগৰাকীয়ে কন্যা সহিতে অকলসৰে বাস কৰিছিল চামগুৰিত । হঠাৎ অচিনাকী নম্বৰযোগে অহা ধনদাবীৰ ফোনকলত আতংকিত হৈ পৰিছিল মহিলাগৰাকী ।

    পিছত মহিলাগৰাকীয়ে ওচৰ চাপে আৰক্ষীৰ । আৰক্ষীয়ে অনুসন্ধান চলোৱাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা । একে গাঁৱৰে শ্যামেল তিৰ্কীয়ে সংঘটিত কৰিছিল এই দুষ্কাৰ্য । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্যামেল তিৰ্কীক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং