33 C
Guwahati
Tuesday, September 27, 2022
More

    ৩ কোটি টকীয়া গাড়ীৰে আম ডেলিভাৰী কৰিবলৈ গ’ল ডেলীভাৰী বয়

    ৰজাৰ আগমণ সদায় ভব্য গব্য। আম ফলৰ ৰজা, গতিকে ৰজা আমৰো আগমণ হ’ব লাগে একেবাৰে ৰাজকীয়ভাৱে।

    সেইয়ে এজন ডেলিভাৰী বয়ে আম ডেলিভাৰী দিবলৈ লৈ গ’ল এখন ৩ কোটি টকীয়া দামৰ লেম্বৰগিণী বাহন।

    হয় শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যি জন লোকে আম অৰ্ডাৰ কৰিছিল তেওঁ আম গ্ৰহণ কৰাৰ সময়ক এক ভিডিঅ’ বনাই আছিল।

    তাতেই এই লেম্বৰগিণী লৈ আম ডেলিভাৰী দিবলৈ আহে ল’ৰা জনে।

    ভাৰতবৰ্ষৰ দৰে বিশ্বৰ অন্য দেশ সমূহতো ফলৰ ৰজা আম অতিকে প্ৰিয়। কিন্তু ভাৰতবৰ্ষৰ দৰে সুলভ নহয় এই ফল সকলোতে।

    আমৰ বতৰত দেশত সকলোতে বেপাৰীয়ে আম লৈ বহে। কিন্তু বিদেশৰ কথা কিছু সুকীয়া। তাতে আৰু ডুবাইি কথা বিশেষকৈয়ে সুকীয়া।

    ডুবাইত ঘৰে ঘৰে অৰ্ডাৰ অনুসৰি আম দিবলৈ যোৱা হয়। এইবাৰ কথা অইন বৰ্ষতকৈ কিছু অধিক সুকীয়া।

    যি গাড়ীৰ মূল্য নূন্যতম ৩ কোটি টকাৰ পৰা আৰম্ভ হে হয়, তেনে গাড়ীৰে ঘৰে ঘৰে আম ডেলিভাৰী হৈ আছে ডুবাইত।

    উল্লেখ্য যে ডুবাইত এনেদৰে ঘৰত বহিয়েই অৰ্ডাৰ কৰিলে অতি কমেও ২০৫৬ টকাৰ অৰ্ডাৰ কৰিব লাগে। তেনে ক্ষেত্ৰত কেৱল আম দিবলৈ লেম্বৰগিণী লৈ উপস্থিত এজন।

    আনহাতে যোৱা ১৮ জুনত ছচিয়েল মিডিয়া যোগে এখন ছুপাৰমাৰ্কেটে “মেংগ’ ইন লেম্বৰগিণী” বুলি এক প্ৰচাৰ চলাইছিল।

    লোক সকলৰ মুখত হাঁহি বিৰিঙাবলৈ আৰু এক বিশেষ অনুভতি দিবলৈ এই পন্থা হাতত লৈছিল ছুপাৰমাৰ্কেট খনৰ ডাইৰেক্টৰ মহম্মদ জেহানজেবে।

    Photo Credit: Pinterest and Times of India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং