32 C
Guwahati
Friday, September 30, 2022
More

    লামডিঙত নাভূত-নাশ্ৰুত কাণ্ড! ডেলিভাৰী বয়ক ৰ’ডেৰে প্ৰহাৰ মহিলাৰ

    ৰ'ডৰ কোবত গুৰুতৰভাৱে আহত হোৱাত হাস্পতাললৈ প্ৰেৰণ কৰে যুৱকজনক

    লামডিঙৰ সমজবাড়ীত এজন ডেলিভাৰী বয়ে কোৰিয়াৰ দিবলৈ গৈ খালে ৰ’ডৰ কোব। এগৰাকী মহিলাই ৰ’ডেৰে নিৰ্বিচাৰে প্ৰহাৰ কৰিলে যুৱকজনক। Flipkart নামৰ অনলাইন কোম্পানীত কৰ্মৰত বিশাল বিশ্বাস নামৰ এজন ডেলিভাৰী বয়ে এগৰাকী মহিলাক এটা কোৰিয়াৰ দিবলৈ গৈছিল। কোৰিয়াৰটোৰ বাবদ যুৱকজনে মহিলাগৰাকীৰ পৰা ৩০৫ টকা বিচৰাত যুৱকজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় মহিলাগৰাকী।

    পিছত কোৰিয়াৰটো লৈ খুলি অৰ্ডাৰ দিয়া সামগ্ৰী নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰি পুনৰ যুৱকজনৰ সৈতে তৰ্কাতৰ্কি কৰে। আৰু এই কাজিয়াই ৰূপ লৈ মাৰপিটৰ। অভিযুক্ত মহিলাগৰাকীয়ে যুৱকজনক ৰ’ডেৰে প্ৰহাৰ কৰে। ৰ’ডৰ কোবত গুৰুতৰভাৱে আহত হোৱাত হাস্পতাললৈ প্ৰেৰণ কৰে যুৱকজনক।

    ভুক্তভোগী যুৱক বিশাল বিশ্বাস

    এই ঘটনাৰ পিছতে মহিলাগৰাকীৰ ঘৰত উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে আহি মহিলাগৰাকীৰ ঘৰ ঘেৰাও কৰে আৰু আৰক্ষীক খৱৰ দিয়ে৷ স্থানীয় ৰাইজৰ অভিযোগ মহিলাগৰাকীয়ে পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল৷ ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থীত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মহিলাগৰাকীৰ লগতে স্বামী দেৱাশিষ দেকো আটক কৰি লৈ যায় থানালৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং